ছিপাঝাৰৰ শংকৰ আজান জেনিথ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সহযোগত বিদ্যালয় প্ৰাঙ্গণত নেপনি ষ্ট্ৰাষ্টে ১২৫ টা দৰিদ্ৰ বানত ক্ষতিগ্ৰস্ত পৰিয়ালৰ প্ৰতিটো পৰিয়ালক ১০ কিলোগ্ৰাম চাউল,২ লিটাৰ মিঠাতেল,২ কিলোগ্ৰাম দাইল,চয়াবিনৰ লগতে ফেনাইল,ব্লিচিং পাউদাৰ,চাবোনকে ধৰি বিভিন্ন খাদ্য-সামগ্ৰী যোগান ধৰে ৷

 

নেপনি ট্ৰাষ্টৰ কাৰ্যবাহী সভাপতি বাবুল আলী, শিক্ষক জয়ন্ত ডেকা,জয়ন্ত নাথ আৰু কৰ্মচাৰী ইউনুছ আলী তথা ‘নেপনি’ৰ ছাত্ৰ ছাত্ৰী কৰ্মকৰ্তা সকলৰ সহযোগত এই খাদ্য-সামগ্ৰী বিতৰণ কৰা হয় ৷

উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত উত্তীৰ্ণ দৰিদ্ৰ মেধাৱী শিক্ষাৰ্থীক সম্পূৰ্ণ বিনামূলীয়াকৈ পেৰামেডিকেল শিক্ষা লাভৰ ব্যৱস্থা কৰিব নেপনি ট্ৰাষ্টে এই কথা সদৰি কৰে নেপনি ট্ৰাষ্টৰ কাৰ্যবাহী সভাপতি বাবুল আলীয়ে ৷