গুৱাহাটী,১৮ জুলাইঃ গুৱাহাটীৰ ৰাজপথত যুৱতীক অশালীন ব্যৱহাৰ কৰি গ্ৰেপ্তাৰ হ’ল এজন যুৱক। নুনমাটি আৰক্ষীয়ে মুকালমুৱাৰ পৰা গ্ৰেপ্তাৰ কৰে যুৱকজনক। গ্ৰেপ্তাৰ কৰা যুৱকজন মেহবুব আহমেদ। মেহবুব আহমেদে পাথৰকুৱাৰীৰত এগৰাকী যুৱতীক অশালীন ব্যৱহাৰ কৰাৰ লগতে কাপোৰ ফালি দিয়াৰ চেষ্টা কৰিছিল। ভুক্তভোগী যুৱতীগৰাকীয়ে নুনমাটি আৰক্ষী থানত দাখিল কৰিছিল এজাহাৰ। গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত নুনমাটি আৰক্ষীয়ে মুকালমুৱাৰ পৰা গ্ৰেপ্তাৰ কৰে যুৱকজনক।