আজি শাওণ মাহৰ ১ তাৰিখ ৷ লগতে সোমবাৰ ৷ ৰঙিয়াৰ শ্ৰী শ্ৰী মৃত্যুঞ্জয় শিৱ মন্দিৰত পুৱাৰ পৰাই ভক্তৰ লানী নিচিঙা ভিৰ ৷

বৃহত্তৰ ৰঙিয়া অঞ্চলৰ ভিতৰত এক আধ্যাত্মিক হিচাপে পৰিচিত ৰঙিয়া চহৰৰ মাজমজিয়াত অৱষ্ঠিত মৃত্যুঞ্জয় শিৱ মন্দিৰৰ আছে একবিৰল ইতিহাস৷
ভক্তৰ বিশ্বাস যে এই শিৱ মন্দিৰ আহি ভগবানক পুজা অৰ্চনা কৰিলে মনৰ কামনা পুৰণ হয় ৷
১৯৫১ চনত প্ৰতিষ্ঠা হোৱা এই শিৱ মন্দিৰটো ২০০১ চনত পুনৰানিৰ্মান কৰা হয় ৷

কমিতিৰ বিষয়ববীয়া জনোৱা মতে পুৱাৰ পৰা বাতৰি সংগ্ৰহ কৰা মুহূৰ্তলৈকে প্ৰায় চাৰি পৰা পাছ হাজাৰ ভক্তই পুজা অৰ্চনা কৰিছে ৷