অসমৰ অন্যতম অনুষ্ঠান ইনচপায়াৰ গ্ৰুপৰ ২০২২ বৰ্ষৰ পিনাক’ল এৱাৰ্ডৰ বৰ্ণাঢ্য অনুষ্ঠানত ৰাজ্যৰ ভিন্ন স্তৰৰ বহু ব্যক্তি উপস্থিত থাকে । অভিনেত্ৰী বৰষাৰাণী বিষয়া, মেঘৰঞ্জনী মেধি প্ৰিয়ম পল্লৱী তথা জনপ্ৰিয় গায়ক ভৃগু কাশ্যপকে আদি কৰি ডাক্তৰ হিতেশ বৰুৱাৰ দৰে ব্যক্তিয়েও উক্ত অনুষ্ঠানত বঁটা গ্ৰহণ কৰে। আনহাতে অনুষ্ঠানটোত ডি নিউজৰ মুখ্য সম্পাদক মিন্টু হাজৰিকাকো পিনাক’ল এৱাৰ্ড ২০২২ ৰ বঁটা প্ৰদান কৰে। উল্লেখ্য যে, উক্ত অনুষ্ঠানটোৰ মিডিয়া পাৰ্টনাৰ হিচাপে থাকে সাপ্তাহিক কাকত “নয়ন”ৰ লগতে “নতুন অসম” আৰু “ডেইলী টাইম” আদি সংবাদ প্ৰতিষ্ঠান।