হাটশিঙীমাৰী, ১৯ জুলাই ঃ দক্ষিণ শালমাৰাত ক্ৰমাৎ ভয়ংকৰ ৰূপ লৈছে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই। বানৰ সময়ৰে পৰা আৰম্ভ হৈছে গৰাখহনীয়া৷ কেৱল ফকিৰগঞ্জ এলেকাতেই এমাহৰ ভিতৰত শতাধিক পৰিয়ালৰ মাটি-ভেটি আৰু শ শ বিঘা কৃষি ভূমি জাহ গ’ল নদীৰ বুকুত। কি দিন কি ৰাতি, প্ৰতিটো মুহূৰ্তত নদীৰ পৰাত এতিয়া খহনীয়াৰ তৰ্জন গর্জন শব্দই নৈপৰীয়া ৰাইজৰ চকুৰ নিদ্ৰা হৰণ কৰিছে। এফালৰ পৰা ভাঙিছে নদীৰ পাৰ। দিশ বিদিশ হেৰুৱাই পেলাইছে নৈপৰীয়া জনতা। ১৯৪১ চনত ফকিৰগঞ্জত স্থাপন কৰা হৈছিল এইখন ঐতিহাসিক হামিদাবাদ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়। ৮২ বছৰীয়া এই বিদ্যালয় খনত বৰ্তমানে অঞ্চলটোৰ প্ৰায় ডেৰ সহস্ৰাধিক ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰি আছে। বিদ্যালয় খনৰ পৰা ব্ৰহ্মপুত্ৰ নদী এতিয়া মাত্ৰ ২০ মিটাৰ নিলগত। খহনীয়াৰ ভয়াবহতা এইদৰে অব্যাহত থাকিলে এই বিদ্যালয় খন নদীৰ বুকুত জাহ যোৱা একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে৷ ডেৰ সহস্ৰাধিক শিক্ষাৰ্থীৰ ভৱিষ্যত এতিয়া অন্ধকাৰৰ দিশে গতি কৰিছে৷ বিদ্যালয় খনৰ আশে পাশে থকা একাংশ পৰিয়াল খহনীয়াৰ কবলত পৰি নিৰাপদ স্থানত টানি নিবলগীয়া হৈছে নিজৰ অতি মৰমৰ ঘৰ দুৱাৰ। কোনোবা জনে মাটিৰ অভাৱত ৰাস্তাৰ কাষতে পেলাই থৈছে সপোনৰ ঘৰখন। অঞ্চলটোৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে ইতিমধ্যে কেবাকোটি টকা আবন্টন দিছিল ঠিকেই। কিন্তু চৰকাৰী ধনৰ সঠিক ব্যৱহাৰ নোহোৱাৰ ফলত এইদৰে এফালৰ পৰা নদীৰ বুকুত বিলীন হৈছে ফকিৰগঞ্জ অঞ্চল। কেৱল এই বিদ্যালয় খনেই নহয়, ফকিৰগঞ্জ আৰক্ষী থানা, খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়, আদৰ্শ চিকিৎসালয়ৰ লগতে বহু কেইটা চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ফকিৰগঞ্জ ঐতিহাসিক বজাৰ নদীৰ বুকুত বিলীন হৈ অসমৰ মানচিত্ৰৰ পৰা ফকিৰগঞ্জ হেৰাই যোৱাৰ উপক্ৰম হৈছে। সেয়ে জলসম্পদ মন্ত্ৰী পিয়ুশ হাজৰিকা আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত স্থানীয় নৈপৰীয়া ৰাইজে খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবী জনাইছে।