চাপৰ, ১৯ জুলাই ২০২২ঃ ধুবুৰী জিলাৰ চাপৰ আৰক্ষী থানাৰ অন্তৰ্গত বতৰদল গাঁৱত মাজনিশা উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় আৰক্ষী আৰু ৰাইজৰ মাজত। জানিব পৰা মতে আৰক্ষীয়ে জব্দ কৰা দুটা গৰু GOKUL MISSION ফ্ৰামত লৈ যাবলৈ এজন ব্যক্তিক দায়িত্ব দিছিল আৰক্ষীয়ে। নিশা গফুৰ নামৰ ভিডিপিৰ সদস্য গৰাকীয়ে গৰু দুটা চাপৰ আৰক্ষী থানাৰ পৰা লৈ যোৱা অৱস্থাত গাঁৱত একাংশ ব্যক্তিয়ে সন্দেহজনক তথা গৰু সৰবৰাহকাৰী বুলি আটক কৰে। উক্ত ঘটনাৰ খৱৰ পাই আৰক্ষী ঘটনা স্থলীত উপস্থিত হোৱাত আৰক্ষী আৰু ৰাইজৰ মাজত হতাহতিৰ সৃষ্টি হয়। উত্তেজিত ৰাইজে আৰক্ষীক ঘেৰাও কৰি জবাবদিহি কৰে। ৰাইজৰ অভিযোগ মতে আৰক্ষীয়ে এজন ব্যক্তিক মাৰপিট কৰাৰ বাবে এনে পৰিস্থিতিৰ সৃষ্টি হয়। উত্তেজিত ৰাইজে প্ৰায় ডেৰ ঘন্টা ধৰি আটক কৰি ৰাখে আৰক্ষীক। আৰক্ষী আৰু ৰাইজৰ মাজত সৃষ্টি হোৱা ভুল বুজাবুজিৰ ফলত। পিছত আৰক্ষীয়ে ৰাইজৰ ওচৰত ক্ষমা বিচৰাত পৰিস্থিতি শান্ত হয়।