উত্তৰ গুৱাহাটীস্থিত “আবিলেক”ৰ সহকাৰী গ্ৰন্থাগাৰিক , মণিষা কাকতিৰ আত্মহত্যাৰ নতুন মোৰ । মৃত্যুৰ ১৫ দিন পিছত গ্ৰেপ্তাৰ স্বামী নৱজিৎ বৰ্মনক । ভাৰতীয় দণ্ডবিধিৰ 498(A)/304(B) ধাৰাত উত্তৰ গুৱাহাটী আৰক্ষী থানাই গ্ৰেপ্তাৰ কৰিছে মণিষাৰ স্বামী নবজীৎ বৰ্মণক । স্বামীৰ বিৰুদ্ধে মণিষাৰ পিতৃ প্ৰফুল্ল কাকতিয়ে মানসিক নিৰ্যাতনৰ অভিযোগ আনি উত্তৰ গুৱাহাটী আৰক্ষী থানাত তৰিছিল গোছৰ ।
এই অভিযোগৰ ভিত্তিত নবজীত বৰ্মনক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত । মণিষাৰ নামত থকা বিলাসী INNOVA গাড়ী খনো আৰক্ষীয়ে নিজৰ জীম্মালৈ আনিছে ।
মণিষাৰ আত্মহত্যাৰ পিছৰে পৰা বিলাসী গাড়ী খন স্বামীয়ে ব্যৱহাৰ কৰি আছিল । মাত্ৰ ৭ মাহ আগেয়ে বিবাহ পাশত আৱদ্ধ হোৱা মণিষা কাকতি আৰু স্বামীৰ মাজত হৈ আহিছিল কাজিয়া । ইফালে নিশা গ্ৰেপ্তাৰ হোৱা নবজীত বৰ্মণে পলমকৈ হলেও কেমেৰাৰ সমুখত মুখ খুলিছে । মণিষাৰ আত্মজাহৰ পুৰ্বে অকলশৰীয়া মণিষাৰ কোঠাত আছিল ভিনিহিয়েক শিৰোড ডেকা । দোভাগ নিশা মণিষাৰ কোঠাত শিৰোড ডেকা কিয় আছিল বুলি কৌশলী উত্তৰ নবজীত বৰ্মণৰ । উল্লেখ্য যে ঘটনাৰ এসপ্তাহ পুৰ্বেই স্বামী ঘৰৰ বাহিৰত থকাৰ সময়তে ৩ জুলাইৰ নিশা এবিলেক চৌহদৰ নিজ কোঠাত চিপ লোৱা অবস্থাত উদ্ধাৰ হৈছিল মণিষা কাকতিৰ মৃতদেহ । এতিয়া আৰক্ষীৰ নিযপেক্ষ তদন্তইহে প্ৰকৃত ন্যায় প্ৰদিন কৰিব দুৰ্ভগীয়া পৰিয়ালটিক ।