ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান দপ্তৰৰ মন্ত্রী বিমল বড়াই ৰাজ্যৰ ক্ষুদ্র চাহ খেতিয়ক সকলৰ তিনিওটা সংস্হাৰ বিষয় ববীয়া সকলৰ সৈতে এখন বৈঠকত মিলিত হয়।
জনতা ভৱনৰ সভাকক্ষত অনুষ্ঠিত এই বৈঠকত ৰাজ্যৰ ক্ষুদ্র চাহ খেতিয়ক সকলে সন্মুখীন হৈ অহা বিভিন্ন সমস্যাৰ লগতে কেচা চাহ পাতৰ মূল্যৰ তাৰতম্য, এই সন্দৰ্ভত ক্ষুদ্র চাহ খেতিয়ক সকলৰ মাজত সজাগতা বৃদ্ধি, প্ৰশিক্ষণ আদিৰ সন্দৰ্ভতো আলোচনা কৰা হয়৷
বৈঠকত ৰাজ্যৰ ১.২২লাখ ক্ষুদ্ৰ চাহ খেতিয়ক সকলে ৰাজ্যৰ অৰ্থ নীতিলৈ আগবঢ়াই অহা বৰঙনিৰ কথা উল্লেখ কৰি উদ্যোগ মন্ত্রী বিমল বড়াই এই উদ্যোগটিক সংগঠিত ৰূপত আগবঢ়াই নিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ক্ষুদ্র চাহ খেতিয়ক সকলৰ এক তথ্য কোষ গঢ়ি তোলাৰ বাবে বিভাগীয় বিষয়া সকলক নিৰ্দেশ প্ৰদান কৰি ক্ষুদ্র চাহ খেতিয়ক সকলৰ বাবে প্ৰতিটো ব্লকতে একোটা প্ৰশিক্ষণ কেন্দ্র স্থাপনা ওপৰতো গুৰুত্ব আৰোপ কৰে।
ক্ষুদ্র চাহ কাৰখানা স্থাপনৰ বাবে চৰকাৰৰ তৰফৰ পৰা ৰাজ সাহায্যৰ ব্যবস্থাৰ লগতে চাহ বাগিচাৰ মাটিৰ পল্টন কৰণৰ ক্ষেত্রত প্ৰশাসনিক ব্যবস্থা গ্রহণৰ বাবেও মন্ত্রী গৰাকীক চাহ খেতিয়ক সংস্হাৰ পৰা আহ্বান জনোৱা হয়। ক্ষুদ্র চাহ খেতিয়ক সকলৰ বাবে এক নীতি প্রণয়নৰ বাবে মন্ত্রী বড়াই বৈঠকত চাহ খেতিয়ক সকলৰ পৰা পৰামৰ্শও আহ্বান কৰে৷
এই বৈঠকত উদ্যোগ আৰু বাণিজ্য বিভাগৰ সচিব লক্ষ্মণন এছ, অসম উদ্যোগিক উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক মানবেন্দ্র প্ৰতাপ সিং, উদ্যোগ বিভাগৰ আয়ুক্ত ঐনাম শৰণ কুমাৰ সিঙ, সদৌ অসম ক্ষুদ্র চাহ খেতিয়ক সংস্হাৰ সভাপতি ৰাজেন্দ্ৰ বড়া, ক্ষুদ্র চাহ খেতিয়ক পৰিষদৰ সভাপতি নাৰায়ণ লাহন, সাধাৰণ সম্পাদক দিগন্ত ফুকন আৰু সদৌ বড়োলেণ্ড ক্ষুদ্র চাহ খেতিয়ক সংস্হাৰ বিষয় ববীয়াসকল উপস্থিত আছিল।