লখিমপুৰ, ২০ জুলাইঃ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লগত সীমান্তৰ সমস্যাক লৈ নামচাই চুক্তি সম্পাদন হোৱাৰ সময়তে আজি লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তবর্তী তথা অসমৰ ৰঙা সংৰক্ষিত বনাঞ্চলত অৰুণাচলীয়ে পথ নিৰ্মাণ কৰি থকাৰ সময়তে অৰুণাচলী দুর্বৃত্ত আৰু লখিমপুৰৰ বন কৰ্মীৰ মাজত গুলিয়া গুলিৰ ঘটনা সংঘটিত হয়। আজি দুপৰীয়া প্ৰায় ২ মান বজাত জিলাখনৰ হাৰমতী আঞ্চলিক কা কাৰ্যালয়ৰ অন্তৰ্গত ৰামপুৰ খণ্ড কা কাৰ্যালয়ৰ অধীনস্থ তথা ৰঙা সংৰক্ষিত বনাঞ্চলৰ ৩ নং বিলগড়ত এই ঘটনা সংঘটিত হয়। কা বিভাগৰ সুত্ৰ অনুসৰি অৰুণাচলীয়ে বিলগড়ত অসমৰ ভূমিত পথ নিৰ্মাণ কৰি থকাৰ খবৰ লাভ কৰি আজি ৰামপুৰ বন খণ্ডৰ খণ্ড বন বিষয়া বণমালি নহ সহ চাৰিজন বনকর্মী সেই স্থানত উপস্থিত হয়। ঘন জংঘলৰ মাজত অসমৰ বনাঞ্চল ধ্বংস কৰি অবন্দাচলীয়ে পথ নিৰ্মাণ কৰি থকাৰ দৃশ্য প্রত্যক্ষ কৰাৰ সময়তে কিছু দূৰৈৰ পৰা অসমৰ বন কমালে লক্ষ্য কৰি অৰুণাচল দুর্বৃত্তই গুলীয়াবলৈ আৰম্ভ কৰে। তেনে স্থলত ৰামপুৰ বনকৰ্মীয়েও অৰুণাচলী দুর্বৃত্তক লক্ষ্য কৰি দুজাই গুলীৰে প্ৰত্যুত্তৰ দি সেই স্থানৰ পৰা অসমৰ কা কর্মীকেইজন আতৰি আহিবলৈ বাধ্য হয়। এই ঘটনাৰ পিছতে লখিমপুৰ জিলা বন সংমণ্ডল প্ৰাধিকাৰীসহ উচ্চ পদস্থ বন বিষয়া আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। উল্লেখ্যযে ইয়াৰ পূৰ্বেও একেটা স্থানত অনুৰূপ ঘটনা সংঘটিত হৈছিল। দুদিন পূর্বে ধেমাজি জিলাত সীমা সমস্যাক লৈ সংঘাত লগাৰ পিছত আজি ৰঙা সংৰক্ষিত বনাঞ্চলত সংঘটিত হোৱা এই ঘটনাই বিশেষ তাৎপর্য বহন কৰিছে। পৰিতাপৰ কথা যে অসমৰ বন কর্মীয়ে এতিয়াও আওপুৰণি অস্ত্ৰ-শস্ত্ৰলৈ সীমান্ত ৰক্ষাৰ দায়িত্বত নিয়োজিত হৈ আহিব লগা হৈছে। বহু এনে আওপুৰণি বন্দুকৰ গুলী নুফুটাৰো উদাহৰণো আছে। ইফালে হারমতী আঞ্চলিক বন কাৰ্যালয়ৰ বনাঞ্চলিক বিষয়া গুণজিৎ তালুকদাৰৰ চৰম হেমাহি আৰু দুৰ্বলতাৰ বাবেই সীমান্তত অৰুণাচলীয়ে সঘনাই বনজ সম্পদ ধ্বংস কৰি তহিলং কৰি আহিছে বুলি অভিযোগ উঠিছে। যাৰ বাবে বনাঞ্চলখনত পথ নিৰ্মাণ, অবৈধ গৃহ নির্মাণ আদি সুলভ হৈছে।