ৰঙিয়া,২০ জুলাই ২০২২ঃ ৰঙিয়া চহৰৰ মাজমজিয়াৰ হাইৱে চকৰ পৰা এগৰাকী ৯ বছৰীয়া কন্যা শিশুক লৈ উধাও এগৰাকী মহিলা ৷ শিশু গৰাকীৰ পেহীয়েক বান্ধৱীয়ে অপহৰণৰ সন্দেহ কৰিছে পৰিয়ালৰলোকে। পেহীয়েক আৰু পেহীয়েকৰ বান্ধৱীয়ে ফুৰাবলৈ লৈ আহিছিল ৰঙিয়া চহৰলৈ ৷ ৰঙিয়াৰ হাইৱে চ’কৰ এখন হোটেলত পেহীয়েকক চাহ খাবলৈ দি কাপোৰ কিনি দিম বুলি হোটেলৰ পৰা লৈ যায় ৷ মহিলাগৰাকীৰ নাম মামনি বুলি শিশুটিৰ পেহীয়েকে জানিব দিছে ৷

অতি দৰিদ্ৰ পৰিয়ালৰ শিশু গৰাকীৰ নাম ৰিম্পী দাস।
ৰঙিয়াৰ কানিকুছি গাঁৱৰ পিতৃ ধীৰেন দাস আৰু মাতৃ নাম ভাৰতী দাসৰ প্ৰথমা কন্যা ৰিম্পি দাস ৷
পৰিয়ালৰ লোকে ইতিমধ্যে ৰঙিয়া থানাত এজাহাৰ দাখিল কৰিছে ৷
পেহীয়েক মঞ্জুলা দাসক তদন্ত বাবে আৰক্ষীয়ে আটক কৰিছে ৷
ৰঙিয়া আৰক্ষীয়ে উক্ত ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷