ভাৰতীয় প্রশাসনিক সেৱাৰ বিষয়া আয়ুষ গাৰ্গে বৰপেটা জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যভাৰ চম্ভালি লয়। ৰাজ্য চৰকাৰে তেজ প্ৰসাদ ভূচালক জিলাখনৰ উপায়ুক্ত পদৰ পৰা বদলি কৰাৰ পিছত পূৰ্বৰ উপায়ুক্ত ভূচালে গার্গক আনুষ্ঠানিকভাৱে দায়িত্বভাৰ হস্তান্তৰ কৰে । আনহাতে জিলা উপায়ুক্ত কার্যালয় সভাকক্ষত সিদিনা কাৰ্যালয়ৰ প্ৰশাসনিক তথা অন্যান্য বিষয়া-কৰ্মচাৰী সকলৰ উপস্থিতিত অনুষ্ঠিত এখন সভাত দুয়োগৰাকী বিষয়াকে ক্ৰমে বিদায় আৰু আদৰণি জনোৱা হয়। নতুন উপায়ুক্ত গৰাকীয়ে প্রশাসনিক ব্যৱস্থাপনা সুচাৰুৰূপে সম্পন্ন কৰাৰ ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰে। ইপিনে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত সাংবাদিকৰ সৈতে হোৱা প্ৰথমটো বার্তালাপত উপায়ুক্ত গার্গে আকাংক্ষী জিলা হিচাপে চিহ্নিত বৰপেটা জিলাত ৰূপায়িত বিভিন্ন আঁচনিৰ উপযুক্ত ৰূপায়নৰ দিশত তেওঁ গুৰুত্ব প্ৰদান কৰিব বুলি উল্লেখ কৰে। একেদৰে জল জীৱন মিছনৰ কাম-কাজকো উপযুক্ত নজৰ দিয়া হ’ব বুলিও তেওঁ মত পোষন কৰে। ইয়াৰ বাহিৰেও বিভিন্ন ব্যক্তি তথা দল-সংগঠনৰ লগত মত-বিনিময়ৰ জৰিয়তে জিলাখনৰ অভাৱ-অভিযোগ, সমস্যা আদি ৰূপায়ণৰ ক্ষেত্ৰত প্ৰচেষ্টা চলোৱা হ’ব বুলিও উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে। উল্লেখ্য যে, বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত বৰপেটা জিলাৰ বিদায়ী উপায়ুক্ত তেজ প্রসাদ ভুষালক বিদায় সম্ভাষণ আৰু নৱ নিযুক্ত উপায়ুক্ত আয়ুস গাৰ্গক আদৰণি জনোৱা সন্দৰ্ভত এখন সভা অনুষ্ঠিত হৈ যায় । উপায়ুক্ত কাৰ্যালয়ৰ সহায়ক সুনীল নাথে আঁতধৰা সভাখনৰ উদ্দেশ্য বাখ্যা কৰে ৰাজহ চিৰস্তাদাৰ তপোধন দাসে। উক্ত সভাখনত জিলা উন্নয়ন আয়ুক্ত নৱজিৎ ওঁজা, অতিৰিক্ত উপায়ুক্ত ক্ৰমে খনীন দাস, লক্ষিমী দত্ত, গীতাশ্রী লাচিত, সহকাৰী আয়ুক্ত নীমাশ্রী দাউকা সহ ভালেমান বিষয়া কৰ্মচাৰী উপস্থিত থাকে বুলি জানিব পৰা গৈছে।