আজি বিন্নাকান্দি উন্নয়ণখণ্ডলৈ আহিছিল বিধায়ক ছিৰাজুদ্দিন আজমল ৷ ভিজিলেঞ্চ মনিটৰিঙ কমিটিৰ এখন সভাত উপস্থিত হৈছিল বিধায়ক গৰাকী ৷ দীৰ্ঘসময় ধৰি চলিল সভা ৷ সভাপ পিছত বাহিৰলৈ ওলাল বিধায়ক গৰাকী ৷ তাৰ পাছত সাংবাদিকৰে মুখামুখী হ’ল বিধায়ক ছিৰাজুদ্দিন আজমল ৷ সাংবাদিকৰ ইটো সিটো প্ৰশ্নৰ উত্তৰ দি গল বিধায়কগৰাকীয়ে ৷ কিন্তু এটা প্ৰশ্নই অস্বস্থিত পেলালে বিধায়কক ৷ অখিল গগৈ সন্ধৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাৰ লগে বিধায়কে কলে ছালাম নমস্তে ৷ লগে লগে হাঁহিবলৈ ধৰে উপস্থিত ৰাইজে।