নিউজ ডেক্স, ২১জুলাই ২০২২ঃ সংসাৰ চলাবলৈ দেহ ব্যৱসায়ত নামিছে শ্ৰীলংকান নাৰীৰাজধানী কলম্বোত কাঠফুলাৰ দৰে বাঢ়িছে নিষিদ্ধ গলিকেইমাহমান আগলৈকে য’ত আয়ুৰ্বেদিক স্পা চলিছিল, এতিয়া সেই কোঠাবোৰত চলিছে দেহ ব্যৱসায় । শ্ৰীলংকাৰ চৰম বিত্তীয় সংকটৰ বাবে সংসাৰ চলাবলৈ মহিলাসকল এই নিষিদ্ধ বৃত্তিত জড়িত হৈ পৰিছে। কেৱল টকাই নহয়, তেওঁলোকে অত্যাৱশ্যকীয় সামগ্ৰী, ঔষধ ক্ৰয় কৰিবলৈও শৰীৰ বিক্ৰী কৰিবলগীয়া হৈছে।দ্বীপৰাষ্ট্ৰখনত পৰিয়ালৰ চলাই, ল’ৰা-ছোৱালীক ডাঙৰ-দীঘল কৰিবলৈ, মহিলাসকল এতিয়া অনিচ্ছা সত্বেও এই বৃত্তিত নামি পৰিছে। আনহাতে গ্ৰোচাৰী দোকানৰ পৰা সাধাৰণ সামগ্ৰী ক্ৰয় কৰিবলৈও মহিলাসকল হৈ পৰিছে “যৌন দাসী” ।