লখিমপুৰ, ২১ জুলাই : লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৰ ৰঙা সংৰক্ষিত, বনাঞ্চলত আজিও উত্তেজনা অব্যাহত আছে। কালি জিলাখনৰ ৰঙা সংৰক্ষিত বনাঞ্চলত অসমৰ বন বিভাগৰ সৈতে অৰুণাচলী দুৰ্বৃত্তৰ গুলীয়া গুলিৰ ঘটনাৰ পাছত পৰিস্থিতি শাম কাটিছে যদিও সমগ্ৰ অঞ্চলটোত আজিও চেপা উত্তেজনাই বিৰাজ কৰিছে। উল্লেখ্য ৰঙা সংৰক্ষিত বনাঞ্চলৰ ৩ নং বিলগড়ত অৰুণাচলীয়ে গোপনে বনাঞ্চলখনৰ গছ-বন কাটি এটা পথ নিৰ্মাণ কৰাৰ সময়তে ৰামপুৰ খণ্ড বন বিষয়া বনমালী নবহৰ নেতৃত্বত এটা তহলদাৰী দলে নিয়মীয়া তহল দি থকাৰ সময়তে উক্ত ঘটনা প্রত্যক্ষ কৰে। লক্ষণীয় ভাবে লখিমপুৰৰ বন বিভাগৰ দলটোক দেখা পায় অৰুণাচলী দলটোৱে গুলী চালনা করে। লখিমপুৰৰ বিন বিভাগৰ দলটোৱে প্ৰত্যুত্তৰ দিয়াত অৰুণাচলী দলটো উক্ত স্থানৰ পৰা পলায়ন কৰিবলৈ বাধ্য হয়। অৱশ্যে গুলীয়াগুলিত কোনো লোক হতাহত নহ’ল। ইফালে লখিমপুৰ বন বিভাগৰ এটা সুত্ৰই সদৰি কৰা অনুসৰি অৰুণাচলীয়ে ৰঙা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ৭ কিলোমিটাৰ অধিক ভিতৰলৈ সোমাই আহি অসমৰ মূল্যবান গছ গছনি তথা বনাঞ্চল এফালৰ পৰা কাটি তহিলং কৰি ইখনৰ পাছত সিখনকৈ গাঁও তথা বক্তি স্থাপন কৰিছে। এই কার্যত অৰুণাচল প্ৰশাসনেও তেওঁলোকক সহায় কৰি অহাৰ লগতে বিদ্যুৎ, খোৱাপানী যোগান আঁচনি আদিৰে উৎসাহ যোগায়। আহিছে। অৰুণাচলীয়ে ইতিমধ্যে লাৰা বস্তি, ২ নং বেল বক্তি আদি কৰি কেবাখনো গাও নিৰ্মাণ সম্পূৰ্ণ কৰি অসমৰ ভূমিৰ দখল নিজৰ হাতলৈ নিবলৈ সক্ষম হৈছে। অৰুণাচলীয়ে ৰামপুৰ, ৰাজগড়ৰ বৃহৎ এলেকা দখল কৰি খেতি-বাতিৰ লগতে বস্তি এলেকা আদি সাজি উলিয়াইছে। অৰুণাচলীৰ এনে আগ্ৰাসনত শংকিত হৈ বিনদ্ৰ ৰজনী কটাবলগীয়া হৈছে। সীমান্তৰ অসমৰ বাসিন্দাসকল।