গুৱাহাটী,২১ জুলাইঃ দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হিচাবে ৰাইচিনা দখল দ্ৰৌপদী মূৰ্মুৰ। দেশৰ প্ৰথম নাগৰিক হোৱাৰ লগতে প্ৰথমগৰাকী জনজাতীয় ৰাষ্ট্ৰপতিৰো গৌৰৱ অৰ্জন কৰিলে দ্ৰৌপদী মূৰ্মুৱে। বিজেপি নেতৃত্বাধীন এন ডি এ মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী দ্ৰৌপদী মূৰ্মুৱে কংগ্ৰেছ তথা ইয়াৰ সহযোগী বিৰোধী দলবোৰৰ মনোনীত প্ৰাৰ্থী যশোৱন্ত সিনহাক পৰাস্ত কৰি দেশৰ পঞ্চদশ ৰাষ্ট্ৰপতি হিচাবে নিৰ্বাচিত হয়। দ্ৰৌপদী মূৰ্মুৱে লাভ কৰা ভোটৰ সংখ্যা হৈছে ২১৬১। যাৰ মূল্য হৈছে ৫,৭৭,৭৭৭ টা । আনহাতে যশোৱন্ত সিনহাই লাভ কৰে ১০৫৮ সংখ্যক ভোট, যাৰ মূল্য হয় গৈ ২,৬১,০৬২ টা ।
পূর্বনির্ধাৰিত সূচী অনুসৰিয়েই বৃহস্পতিবাৰে পুৱা ১১ বজাত সংসদ ভৱনৰ ৬৩ নম্বৰ কোঠাত আৰম্ভ হয় ৰাষ্ট্রপতি নিৰ্বাচনৰ ভোট গণনা পর্ব । উল্লেখ্য সোমবাৰে অনুষ্ঠিত হৈছিল ৰাষ্ট্রপতি নির্বাচনৰ ভোটগ্রহণ। ভোট সাব্যস্ত হয় ৯৮.৯ শতাংশ ।