ৰঙিয়া, ২১ জুলাইঃ ৰঙিয়া আৰক্ষীৰ বৃহৎ সফলতা । হাউলিৰ পৰা গ্ৰেপ্তাৰ শিশু অপহৰণকৰী মহিলা । উদ্ধাৰ ৯ বছৰীয়া শিশু ৰিম্পি দাস যোৱাকালি ৰঙিয়া চহৰৰ মাজমজিয়াৰ হাইৱে চকৰ পৰা নিজ পেহীয়েক এখন হোটেলত চাহ খাবলৈ দি ৯ বছৰীয়া শিশু এটা অপহৰণ কৰিছিল পেহীয়েকৰ বান্ধৱীয়ে ৷

লগে লগে ৰঙিয়া আৰক্ষীক অৱগত কৰিছিল পৰিয়ালৰ লোকে ৷আৰক্ষীয়ে সমগ্ৰ ঘটনাটো গুৰুত্বসহকাৰে লৈ তদন্ত আৰম্ভ কৰিছিল ৷অৱশেষত হাউলি আৰক্ষীৰ সহযোগত ৰঙিয়া আৰক্ষীয়ে উদ্ধাৰ কৰে ৯ বছৰীয়া শিশু ৰিম্পি দাসক ৷২৪ ঘণ্টা নহওতেই অভিযুক্ত মহিলা গৰাকীক আটক কৰিবলৈ সক্ষম হয় ৰঙিয়া আৰক্ষীয়ে।      ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰমল্ল পাটোৱাৰীৰ নেতৃত্বত হাউলিৰ পৰা আটক কৰে অপহৰকাৰী মহিলা গৰাকীক ৷