গুৱাহাটী,২১ জুলাইঃ গুৱাহাটীত প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হ’ব ১৩১ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা। এছিয়া মহাদেশৰ সন্মানীয় ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা এইবাৰ দেশৰ তিনিটা স্থানত অনুষ্ঠিত হ’ব। গুৱাহাটীৰ উপৰি ইম্ফল আৰু কলকাতাত হ’ব এইবাৰৰ ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা। দেশৰ অতি পুৰণি ডুৰাণ্ড কাপৰ ১৩১ সংখ্যক খেলৰ উদ্ধোধনী খেলখন ১৭ আগষ্টত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। আজি গুৱাহাটীৰ হোটেল ভিভান্তাত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰি কৰে এছ এম, ভি এছ এম, চীফ অফ ষ্টাফ, ইষ্টার্ণ কমাণ্ড তথা ডুৰাণ্ড আয়োজক সমিতিৰ অধ্যক্ষ লেফটেনেন্ট জেনেৰেল কে কে ৰেপছৱালে। সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডুৰাণ্ড কাপ ট্ৰফী উন্মোচন কৰে। ১৩৪ বছৰ পুৰণি ঐতিহ্যমণ্ডিত ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাখন ৰাজ্যখনে প্ৰথমবাৰৰ বাবে আয়োজন কৰিব আৰু পাঁচখন চহৰক অন্তর্ভুক্ত কৰি আয়োজিত এই ট্ৰফী ভ্ৰমণৰ অংশ হিচাপে গ্রুপ ডি খেলৰ প্ৰথম ১০ খন খেল গুৱাহাটীত অনুষ্ঠিত হ’ব। ভাৰতীয় সেনা বাহিনীৰ সৌজন্যত আৰু অসম চৰকাৰৰ সহযোগত আয়োজন কৰা হৈছে এই ঐতিহাসিক ফুটবল খেল। সংবাদমেলত মুখ্যমন্ত্রীয়ে উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰি কয় যে ৪৭ খন খেলৰ ভিতৰত গুৱাহাটী আৰু ইম্ফলত দহখন খেল হ’ব। উত্তৰ-পূৰ্বাঞ্চলৰ ফুটবল প্ৰেমীৰ ই ভাল খবৰ বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্য চৰকাৰে ফুটবলৰ সেই সোণোৱালী দিন ঘূৰাই অনাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। দেশৰ আগশাৰীৰ ফুটবল টীমৰ দহখন ভাল খেল অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ক্ৰীড়াপ্ৰেমীয়ে উপভোগ কৰিব পাৰিব। অসমত ক্ৰীড়াৰ আন্তঃগাঠনি উন্নত কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে তেওঁ উল্লেখ কৰে। আনহাতে ডুৰাণ্ড আয়োজক সমিতিৰ অধ্যক্ষ লেফটেনেন্ট জেনেৰেল ৰেপছৱালে ৰাজ্যত ফুটবল খেলক অধিক জনপ্ৰিয় আৰু প্ৰসাৰ কৰাৰ প্ৰচেষ্টাত উৎসাহিত কৰাৰ বাবে মুখ্যমন্ত্রীক ধন্যবাদ জ্ঞাপন কৰে। অসম চৰকাৰে অভূতপূর্ব সহযোগিতা আগবঢ়াইছে আৰু ই ৰাজ্যখনত খেলৰ বাবে এক নতুন আৰম্ভণিৰ সূচনা কৰিব বুলি তেওঁ কয়। উল্লেখ যে এছিয়াৰ অন্যতম পুৰণি এই প্ৰতিযোগিতাত এইবাৰ শীর্ষ বিভাগৰ ইণ্ডিয়ান ছুপাৰ লীগৰ ১১টা দলকে ধৰি দেশৰ ২০টা শীর্ষ দলে অংশ গ্ৰহণ কৰিছে। গুৱাহাটীত অনুষ্ঠিতব্য খেলসমূহ ১৭ আগষ্টৰ পৰা ৪ ছেপ্টেম্বৰলৈকে মহানগৰীৰ ইন্দিৰা
গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। ডুৰাণ্ডৰ তিনিটা ট্ৰফী পঞ্চ-চহৰ ভ্ৰমণত আছে। ১৯ জুলাইত এই ভ্ৰমণৰ আৰম্ভণি কলকাতাৰ পৰা হৈছে আৰু দুদিন গুৱাহাটীত থকাৰ পিছত মণিপুৰৰ ইম্ফললৈ যাব। তাৰপাছত এই যাত্ৰা ৰাজস্থানৰ জয়পুৰলৈ আগবাঢ়িব আৰু ইয়াৰ পাছত ৩১ জুলাইত কাপসমূহৰ এই ভ্রমণ ডিফেন্ডিং চেম্পিয়ন এফ চি গোৱালৈ আগবাঢ়িব। অৱশেষত ৬ আগষ্টত উদ্বোধনী খেলৰ স্থান আৰু ১৮ ছেপ্টেম্বৰত ফাইনেল খেলৰ স্থান কলকাতাত কাপসমূহৰ এই যাত্ৰাৰ অন্ত পৰিব। ১৩১ সংখ্যক ডুৰাণ্ড কাপত মুঠ ৪৭খন খেল অনুষ্ঠিত হ’ব। গুৱাহাটী আৰু ইম্ফল দুয়োঠাইতে গ্রুপ চি আৰু গ্ৰুপ ডিৰ ১০খনকৈ খেল অনুষ্ঠিত হ’ব। সংবাদমেলত অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা আৰু অতিৰিক্ত মুখ্য সচিব মণিন্দৰ সিং, লেফটেনেন্ট জেনেৰেল কে চি পঞ্চনাথন, মেজৰ জেনেৰেল বিকাশ চাইনিকে ধৰি সেনাৰ কেইবাজনো উচ্চপদস্থ বিষয়া উপস্থিত আছিল।