নিউজ ডেক্স, ২১জুলাইঃ যোৱা ৩ বছৰত ৩.৯২ লাখ লোকে ভাৰতৰ নাগৰিকত্ব ত্যাগ কৰিছে।ভাৰতৰ এই নাগৰিকসকলৰ ১২০ খন দেশত নাগৰিকত্ব লাভ ।ইয়াৰে সৰ্বাধিক ১.৭০ লাখ লোকে গ্ৰহণ কৰিছে আমেৰিকাৰ নাগৰিকত্ব।ম

মঙলবাৰে লোকসভাত কেন্দ্ৰীয় চৰকাৰে এই তথ্য প্ৰদান কৰে। কেৱল এয়াই নহয়, ভাৰত ত্যাগ কৰি পাকিস্তানৰ নাগৰিকত্ব লোৱা ৪৮ জন নাগৰিকো আছে এই তালিকাত । কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে লোকসভাত কয় যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰা লাভ কৰা তথ্য অনুসৰি ভাৰতৰ নাগৰিকত্ব ত্যাগ কৰা লোকসকলে ১২০খন দেশত নাগৰিকত্ব গ্ৰহণ কৰিছে। কেৱল এয়াই নহয়, ব্যক্তিগত কাৰণত এইসকল লোকে ভাৰতৰ নাগৰিকত্ব ত্যাগ কৰিছে।

২০১৯, ২০২০ আৰু ২০২১ চনত ৩,৯২,৬৪৩ জন লোকে ভাৰতৰ নাগৰিকত্ব ত্যাগ কৰে। ইয়াৰে ১,৭০,৭৯৫ জন লোকে আমেৰিকাৰ নাগৰিকত্ব লৈছিল। আনহাতে ৬৪,০৭১ জন লোক কানাডাৰ নাগৰিক হৈ পৰে। ইয়াৰ বাহিৰেও ৫৮,৩৯১ জন লোকে অষ্ট্ৰেলিয়াৰ নাগৰিকত্ব, ৩৫,৪৩৫ জন লোকে ব্ৰিটেইন, ১২১৩১ জন লোকে ইটালী আৰু ৮,৮৮২ জন লোকে নিউজিলেণ্ডৰ নাগৰিকত্ব গ্ৰহণ কৰিছে। আনহাতে ছিংগাপুৰত ৭০৪৬ জন লোক, জাৰ্মানীত ৬৬৯০ জন লোক, ছুইডেনত ৩৭৫৪ জন লোকে নাগৰিকত্ব লয় ।

২০২১ চনৰ কথা ক’বলৈ গ’লে যোৱা এবছৰত ১,৬৩,৩৭০ জন লোকে ভাৰতৰ নাগৰিকত্ব ত্যাগ কৰিছে। ইয়াৰে ৭৮,২৮৪ জন ভাৰতীয়ই আমেৰিকাৰ আৰু ২৩,৫৩৩ জন লোকে অষ্ট্ৰেলিয়াৰ নাগৰিকত্ব লৈছে। একে সময়তে ২১,৫৯৭ জন লোকে কানাডা আৰু ১৪,৬৩৭ জন লোকে ব্ৰিটেইনৰ নাগৰিক ৰূপে স্বীকৃতি লাভ কৰিছে ।