গুৱাহাটী,২১ জুলাইঃ অৱশেষত আচাৰ্য পংকজ পাঠকক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। বৰপেটাৰ হাউলীৰ পৰা নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পংকজ পাঠকক। হাউলীৰ পৰা গুৱাহাটীলৈ অনা হৈছে পংকজ পাঠকক। মহিলাৰ বিৰুদ্ধে সামাজিক মাধ্যমত অশালীন মন্তব্য আগবঢ়াইছিল স্বয়ম্ভু আচাৰ্য পংকজ পাঠকে। পংকজ পাঠকৰ বিৰুদ্ধে বহুকেইখন থানাত ৰুজু হৈছিল বহুকেইটা গোচৰ। আচাৰ্য পংকজ পাঠকে সামাজিক মাধ্যমত মহিলাক অশালীন মন্তব্য কৰাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাত মহিলা সংগঠনে পংকজ পাঠকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। অসম মহিলা আয়োগেও পংকজ পাঠকৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছিল৷ সম্প্ৰতি গুৱাহাটীৰ হাতীগাঁও থানাত পংকজ পাঠকক ৰখা হৈছে।