বঙাইগাঁও ২১ জুলাইঃ অৰুণাচল প্ৰদেশত হাজিৰা কাম কৰিবলৈ গৈ নিৰুদ্দেশ হৈ থকা ১৯ শ্ৰমিকৰ ভিতৰত বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত দুই শ্ৰমিক থকাৰ তথ্য পোহৰলৈ আহিছে। যোৱা ৫ মে তাৰিখৰ পৰা পৰিয়ালৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ আছে শ্ৰমিক আব্দুল আমিন আৰু মাজেদ আলী। আব্দুল আমিনৰ ঘৰ শিলঘাগুৰী আৰু মাজেদ আলীৰ ঘৰ ভান্ডাৰাত। পৰিয়ালৰ লোকে জানিব দিয়া মতে অভয়াপুৰীৰ ৰেজাউল কৰিম নামৰ এজন ঠিকাদাৰজনে শ্ৰমিক দুজনক অৰুণাচল প্ৰদেশত ব্ৰীজৰ কাম দিয়াৰ বাবে লৈ যায়। ঈদৰ সময়ত ঘৰত আহিব খুজিছিল শ্ৰমিক দুজন। কিন্তু ঘৰত অহাৰ কথা কলে পিষ্টলৰ ভাবুকি দিয়া বুলি শ্ৰমিক মাজেদ আলীয়ে ফোন যোগে পৰিয়ালৰ লোকক অৱগত কৰে। পিছত ৪ তাৰিখৰ পৰা পৰিয়ালৰ লগত কোনো যোগাযোগ নাই। বৰ্তমান শ্ৰমিক দুজন কত আছে নাজানে পৰিয়ালৰ লোকে। অসম চৰকাৰ অসম পুলিচে যাতে শ্ৰমিক সকলোক পৰিয়ালক সমজি দিয়ে তাৰ বাবে কাতৰ আহ্বান জনাইছে পৰিয়ালে।










