ধুবুৰী, ২১ জুলাই: চহী জালিয়াতীৰে মাটি বিক্ৰীৰ এনঅ’চিৰ অনুমতি পত্ৰ প্ৰদান কৰাৰ অভিযোগৰ সত্যতা প্ৰমাণিত হোৱা বাবে আজি জিলা উপায়ুক্ত অন্বামুথন এম পিয়ে ধুবুৰী জিলাৰ গৌৰীপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল ৰঞ্জিত কুমাৰ দাসক নিলম্বনৰ নিৰ্দেশ দিছে। জানিব পৰা মতে, মৌচুমী বৰুৱা ৰায় আৰু অৰ্পিতা বৰুৱা দাস নামৰ দুগৰাকী অভিযোগকাৰীয়ে ধুবুৰী জিলাৰ গৌৰীপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল ৰঞ্জিত কুমাৰ দাসে প্ৰয়াত শ্যামলেশ বৰুৱা আৰু মৌচুমী বৰুৱা ৰায়ৰ চহী জালিয়াতি কৰি মাটি বিক্ৰীৰ বাবে এনঅ’চি দিয়াৰ এক গুৰুতৰ অভিযোগ কৰিছিল। উক্ত অভিযোগৰ ভিত্তিত গৌৰীপুৰৰ চক্ৰ বিষয়াই কৰা তদন্তত মাটি বিক্ৰীৰ এনঅ’চি দিয়াৰ সময়ত সহ–পাট্টাদাৰ এগৰাকীৰ মৃত্যু হোৱাৰ বিপৰীতে আনগৰাকী সহ–পাট্টাদাৰ বাহিৰত থকা বুলি পোহৰলৈ আহে। এই ঘটনাই মাটি বিক্ৰীৰ এনঅ’চি দিয়াৰ পূৰ্বে পৰীক্ষণৰ যি বাধ্যতামূলক নিয়ম আছে সেয়া উলংঘা কৰাৰ বিষয়টো স্পষ্ট হৈ পৰে। তাৰোপৰি মাটি ডোখৰক লৈ কোনো বিবাদ, দাবী আৰু মোকৰ্দমা নথকা বুলিও লাট মণ্ডল দাসে প্ৰমাণ পত্ৰ দিয়া বুলিও চক্ৰ বিষয়াগৰাকীৰ তদন্তত পেহৰলৈ আহে। তাৰেই পৰিপ্ৰেক্ষিতত ধুবুৰী জিলাৰ উপায়ুক্ত অন্বামুথনে আজি এক নিৰ্দেশ যোগে আচাম চাৰ্ভিচেচ (একশ্বন এণ্ড আপিল) ৰূলচ, ১৯৬৪ৰ আধাৰত লাট মণ্ডল ৰঞ্জিত কুমাৰ দাসক নিলম্বন কৰাৰ নিৰ্দেশ দিয়ে।