বৰপেটা,২৩ জুলাইঃ সম্প্ৰতি হৈ যোৱা প্ৰলয়ংকাৰী বানপানীত বিভিন্নজনৰ ইতিমধ্যে বহু ৰাজহুৱা সম্পত্তিৰ লগতে ব্যক্তিগত সা-সম্পত্তিৰো ক্ষয়-ক্ষতি হৈছে ৷ পিছে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কেবিনেটত মন্ত্ৰীসকলক জনাইছিল যে, ক্ষতিগ্ৰস্ত ব্যক্তিসকলে পাবলগীয়া যিখিনি সাহাৰ্য্য সেইবোৰ দেৰি কৰি নাৰাখি অতি সোনকালে দিয়াৰ ব্যৱস্থা কৰিব লাগে ৷ তদুপৰি অহা ১৫ আগষ্টৰ ভিতৰত সকলো যাৱতীয় সাহাৰ্য্য প্ৰদান কৰিবলৈ তেখেতে মন্ত্ৰীসকলক আহ্বান জনাইছিল ৷ ইয়াৰ ফলশ্ৰুতিত ইতিমধ্যে যিসকল আশ্ৰয় শিবিৰত আছিল তেওঁলোকক ৩,৮০০ টকাকৈ, প্ৰায় ১ লাখ ছাত্ৰ-ছাত্ৰীক ১০০০ টকাকৈ কিতাপ-পত্ৰ কিনাৰ বাবদ আৰু যিসকলৰ ঘৰ ভাঙি গৈছে বা অনিষ্ট হৈছে তাৰ কাৰণে ইতিমধ্যে জৰীপ কাৰ্য সমাপ্ত হৈছে ৷ তথাপিও এই জৰীপ কাৰ্যত কোনোধৰণৰ ত্ৰুটি যাতে ৰৈ নাযায় তাৰ পুনৰীক্ষণ কৰাৰ কাৰণে আজি বৰপেটাৰ অভিভাৱক মন্ত্ৰী ৰনজিত কুমাৰ দাসে বঙাইগাঁও জিলালৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰা ৬৩ জন বিষয়া-কৰ্মচাৰী লৈ যোৱাৰ লগতে তেওঁলোকে কিছুদিন বঙাইগাঁত থাকি পুনৰ এবাৰ চূড়ান্ত পুনৰীক্ষণ কৰিব বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে,সেই সন্দৰ্ভত বিস্তৃত ৰূপত আলোচনা কৰাৰ হেতু বঙাইগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত এখন প্ৰাৰম্ভিক সভা সম্বোধন কৰি জিলা উপায়ুক্তক প্ৰমুখ্য কৰি বিষয়াসকলক যাৱতীয় নিৰ্দেশ প্ৰদান কৰে মন্ত্ৰী ৰনজিত দাসে ৷ তদুপৰি প্ৰকৃত ব্যক্তিয়ে সাহাৰ্য্য পোৱাৰ পৰা যাতে বঞ্চিত নহয় আৰু নাপাবলগীয়া ব্যক্তিয়েও যাতে সাহাৰ্য্য লাভ নকৰে তাৰ প্ৰতি চোকা দৃষ্টি ৰাখি চূড়ান্ত তালিকা প্ৰস্তুত কৰিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়৷ এই কাৰ্যসূচীত মন্ত্ৰী দাসৰ সৈতে সাধাৰণ প্ৰশাসন বিভাগৰ সচিব উমানন্দ দলেৰ লগতে বঙাইগাঁও জিলাৰ উপায়ুক্ত নৱদ্বীপ পাঠক উপস্থিত থাকে বুলি জানিব পৰা গৈছে ৷