উত্তৰ গুৱাহাটী, ২৩জুলাই ২০২২ঃ কামৰূপ জিলাৰ উত্তৰ গুৱাহাটী চন্দ্ৰাত যোৱা ১৯ তাৰিখে বন বিভাগে দুখনকৈ অবৈধ বালি ভৰ্তি ট্ৰাক জব্দ কৰে যদিও ৰহস্যজনক কাৰণত এখন ট্ৰাক মুকলি কৰি দিয়া হয়।এই সংক্ৰান্তত সাংবাদিকে কিছু প্ৰশ্ন কৰাত বন বিভাগৰ কৰ্মচাৰীয়ে স্পষ্টকৈ প্ৰকাশ কৰে যে জব্দ কৰা যিকোনো বাহনৰ ফটো বা ভিডিঅ’ লোৱাত বাধা প্ৰদান কৰিবলৈ তেওঁলোকক বিট অফিচাৰ চহিদুল ইছলামে নিৰ্দেশ দিছে।এখন গাড়ীৰ কাম হোৱাৰ বাবেই বালি ভৰ্তি ট্ৰাক এখন এৰি দিয়া হল আৰু আন খনৰ একো কাম নোহোৱাৰ বাবেই জব্দ কৰি ৰখা বুলি বন কৰ্মীয়ে নিজ মুখে স্বীকাৰ কৰিছে যাৰপৰা কাম নোহোৱাৰ আৰত বুজাবুজি নোহোৱা কথাৰ স্পষ্ট ইংগিত বহন কৰিছে ।আচলতে এইদৰেই দুৰ্নীতিগ্ৰস্ত বিট অফিচাৰৰ নেতৃত্বত উত্তৰ গুৱাহাটী দীৰ্ঘেশ্বৰী বিট অফিচত গঢ়ি উঠিছে বালি ছিণ্ডিকেট। য’ত গোপন বুজা বুজি হলে জব্দ কৃত বালি ভৰ্তি ট্ৰাক এৰি দিয়া হয় গোপনে বুলি নানা অভিযোগ উত্থাপিত হৈ আহিছে । তাৰোপৰি সংবাদ মাধ্যমত প্ৰকাশ নহ’বলৈ জব্দ কৃত কোনো বাহনৰ ভিডিঅ’ সংগ্ৰহ কৰাত বাধা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বন কৰ্মীসকলক দুৰ্নীতিগ্ৰস্ত বিট অফিচাৰ চহিদুল ইছলামৰ বিৰুদ্ধে অকল এয়াই নহয়, এইগৰাকী বিষয়াৰ বিৰুদ্ধে আছে এনে বহু বিস্ফোৰক অভিযোগ।