নিউজ ডেক্স : পশ্চিম বংগৰ দক্ষিণ কলকাতাৰ এটা ফ্লেটৰ পৰা ২০ কোটি টকা উদ্ধাৰ কৰা হৈছে।ফ্লেটটো অৰ্পিতা মুখাৰ্জী নামৰ এগৰাকী মহিলাৰ। ইডিয়ে দাবী কৰিছে যে অৰ্পিতা পশ্চিম বংগৰ উদ্যোগ মন্ত্ৰী পাৰ্থ চেটাৰ্জীৰ ঘনিষ্ঠ। ঘৰটোৰ পৰা ২০ টা মোবাইল ফোনো উদ্ধাৰ কৰা হৈছে।স্থানীয় সময় অনুসৰি শুকুৰবাৰে নিশা প্ৰায় ৮.১০ বজাত ইডিয়ে টুইট কৰি কয় যে পশ্চিম বংগ বিদ্যালয় সেৱা আয়োগ আৰু পশ্চিম বংগ প্ৰাথমিক শিক্ষা পৰিষদৰ নিযুক্তি দুৰ্নীতিৰ তদন্তৰ সন্দৰ্ভত কেইবাঠাইতো তালাচী চলোৱা হৈছে।শুকুৰবাৰে ৰাতিপুৱাৰ পৰা, ইডিয়ে মন্ত্ৰী পাৰ্থ চেটাৰ্জীৰ ঘৰকে ধৰি ১৩ টা স্থানত তালাচী চলায়। সন্ধিয়া ইডিয়ে টুইট কৰি কয় যে প্ৰাথমিক শিক্ষক নিযুক্তিৰ তদন্তৰ পৰিপ্ৰেক্ষিতত মেখলিগঞ্জত ৰাজ্যৰ শিক্ষা মন্ত্ৰী পৰেশ অধিকাৰীৰ ঘৰত অভিযান চলাইছে, এছএছচিৰ পৰামৰ্শদাতা সমিতিৰ প্ৰাক্তন আহ্বায়ক শান্তি প্ৰসাদ সিঙকে ধৰি কেইবাজনো লোকৰ বাসগৃহত তালাচী চলোৱা হৈছে।
