জামুগুৰিহাট, ২৩জুলাই ২০২২ঃ  নিশা হ’লেই এতিয়া আতংকিত হৈ পৰে জামুগুৰিহাটৰ কুসুমটোলাৰ নিকটৱৰ্ত্তী দীপাতোলা গাঁৱৰ ৰাইজ।বিগত পোন্ধৰ দিনৰো অধিক সময় ধৰি গাঁওখনৰ অধিকাংশ ৰাইজেই উজাগৰী নিশা অতিবাহিত কৰিছে।কিয়নো নিশাৰ ভাগত গাঁওখনৰ বাসিন্দাৰ বাসগৃহত আৰম্ভ হয় ধাৰাষাৰ শিলা বৰ্ষণ।দুষ্কৃতিকাৰীৰ সন্ধানত গাঁওৰ ৰাইজ এতিয়া নিশাৰ ভাগত ওলাই আহি অনুসন্ধান কৰিছে যদিও শিলা বৰ্ষণৰ প্ৰকৃত উৎস এতিয়াও লাভ কৰিৰ পৰা নাই। মধ্য নিশা হোৱা এই ঘটনাই গাঁওবাসীক শংকিত আৰু আতংকিত কৰি তোলাৰ লগতে কৌতুহলী কৰি তুলিছে।