ধুবুৰী, ২৪জুলাই ২০২২ঃ এজাক প্ৰচণ্ড বতাহ আৰু বৰষুণত ধুবুৰীৰ বৰ লুইতৰ পাৰঘাট এটাত ৰৈ থকা এখন মালবাহী নাওঁ বুৰ গৈছে। জানিব পৰা মতে, প্ৰচণ্ড বতাহত লুইতৰ ঢৌৰ পানী উপচি পৰাত নাওখন বুৰ গৈছে নৈৰবুকুত। ধুবুৰী চহৰৰ পঞ্চুঘাট নামৰ পাৰঘাটত বুৰ যোৱা সেই মালবাহী নাওঁখনত কেইবালাখ টকাৰ সামগ্ৰী আছিল । ধুবুৰীৰ পৰা বিভিন্ন সামগ্ৰী লৈ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীলৈ যোৱাৰ কথা আছিল সেইখন। সৌভাগ্যক্ৰমে আজিৰ সেই ঘটনাটোত নাওঁখনৰ নাওঁৰীয়াকে ধৰি কোনো লোকৰ হানি–বিঘিনি ঘটা নাই বুলিয়েই জানিব পৰা গৈছে। ইয়াতে উল্লেখনীয় যে, বিভাগীয় নিয়ম–নীতিক জলাঞ্জলি দি ধুবুৰীৰ বৰ লুইতত লেচি নিয়ন্ত্ৰিত একাংশ যাত্ৰীবাহী ইঞ্জিন চালিত নাও (ভুটভুটি)কে ধৰি মালবাহী ভুটভুটী একাংশও নিজৰ বহন ক্ষমতাতকৈ অধিক যাত্ৰী আৰু সামগ্ৰীলৈ চলাচল কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া।










