যোৰহাট ২৪ জুলাইঃ এটা ৰাতি অন্নদাতাৰ কাষত শীৰ্ষক মূলমন্ত্ৰৰে শেহতীয়া ভাৰতীয় ষ্টেট বেংকে গ্ৰামাঞ্চলৰ কৃষকক উপকৃত কৰিব পৰাকৈ এক ব্যতিক্ৰমী পদক্ষেপ হাতত লৈছে। সমগ্ৰ দেশৰ লগতে টীয়কতো ভাৰতীয় ষ্টেষ্ট বেংক টীয়ক শাখাই কৃষকৰ লগত এটা নিশা কটোৱা ব্যৱস্থা কৰিছে।ভাৰতীয় ষ্টেট বেংকৰ জড়িয়তে গ্ৰামাঞ্চলৰ কৃষক সকল যাতে সৰ্বোদিশত লাভান্বিত হয় আৰু গ্ৰামাঞ্চলৰ ৰাইজৰ লগত এক বন্ধুত্ব সুলভ সম্পৰ্ক গঢ়ি তোলাৰ স্বাৰ্থত এক ৰাত অন্নদাতা কে সাথ শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰিছে। মুখ্য প্ৰৱন্ধক দিপজ্যোতি কলিতাৰ নেতৃত্বত এই কাৰ্যসূচীৰ অংশ স্বৰূপে বেংক বিষয়াসকল এটা ৰাতি গাঁৱৰ ৰাইজৰ লগতো কটায়।ইপিনে উক্ত অনুষ্ঠানতেই ১০ জনকৈ কৃষকক ঋণো প্ৰদান কৰে বেংক কৰ্তৃপক্ষই। পাঁচ শতাধিক কৃষকে অংশ লোৱা এই কাৰ্যসূচীক আদৰণি জনাইছে গ্ৰামাঞ্চলৰ ৰাইজে। উক্ত অনুষ্ঠানত ভাৰতীয় ষ্টেষ্ট বেংক যোৰহাটৰ ৰিজনেল বিজিনেছ অফিচৰ সহ প্ৰৱন্ধক এল পি লালচাংকিমা, মুখ্য প্ৰৱন্ধক সুমন দত্ত,দিগন্ত কুমাৰ ৰাভা,অঞ্চলৰ বিশিষ্ট ব্যক্তি প্ৰফুল্ল শইকীয়া, প্ৰদীপ চুতীয়া, অশোক বৰা, টীয়ক পৌৰ সভাৰ পৌৰপতি লাকী বৰবৰা গগৈ, টীয়ক আৰক্ষী থানাৰ উপ পৰিদৰ্শক দিপাংকৰ দলে, মধ্য টীয়ক গাঁও পঞ্চায়তৰ সভাপতি দীপক বৰাকে প্ৰমুখ্য কৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।