নতুন দিল্লী,২৪ জুলাইঃ কেন্দ্ৰীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি উত্তৰ প্ৰদেশৰ গাজিয়াবাদস্থিত ৰাষ্ট্ৰীয় য়ুনানী ঔষধ প্রতিষ্ঠান পৰিদৰ্শন কৰে। এই প্রতিষ্ঠানখন হৈছে বেংগালুৰুৰ ৰাষ্ট্ৰীয় য়ুনানী ঔষধ প্ৰতিষ্ঠানৰ এখন আনুষংগিক প্রতিষ্ঠান। এয়া হৈছে উত্তৰ ভাৰতত স্থাপন কৰা এনেধৰণৰ প্ৰথম প্রতিষ্ঠান। আজি সর্বানন্দ সোণোৱালৰ লগত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জেনেৰেল ভি কে সিং আৰু আয়ুষ মন্ত্ৰালয়ৰ বিষয়াসকল উপস্থিত আছিল। লগতে উত্তৰ প্ৰদেশ চৰকাৰৰ বিষয়াসকল আৰু অন্যান্য প্রতিনিধিসকলো উপস্থিত আছিল। এই উপলক্ষে আয়োজিত অনুষ্ঠানত সর্বানন্দ সোণোৱালে কয় যে স্বাস্থ্য সম্পৰ্কীয় ৰাষ্ট্ৰীয় নীতিৰ জৰিয়তে স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত আয়ুষক মূলসুঁতিত অন্তৰ্ভুক্ত কৰাৰ লগতে আয়ুষৰ প্রণালীসমূহক শিক্ষা, গৱেষণা, চিকিৎসা আদিকে কৰি আধুনিক স্বাস্থ্যসেৱাৰ সকলো স্তৰতে একত্ৰিত কৰাৰ পৰিকল্পনা কৰা হৈছে। আয়ুষ মন্ত্রালয়ে গৱেষণা আৰু উদ্ভাৱনক বিশেষকৈ উৎসাহিত কৰাৰ লগতে য়ুনানী শিক্ষা আৰু গৱেষণাৰ বাবে শীর্ষ প্রতিষ্ঠান বিকশিত কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। এই য়ুনানী প্রতিষ্ঠানখনে আয়ুষ প্রণালীক অধিক জনপ্ৰিয় কৰি তুলিব আৰু দেশৰ উত্তৰ প্ৰান্তৰ প্ৰয়োজনীয়তা পূৰণ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। ২০১৯ বৰ্ষৰ ১ মাৰ্চত উত্তৰ প্ৰদেশৰ গাজিয়াবাদত ৰাষ্ট্ৰীয় য়ুনানী ঔষধ প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰা হৈছিল। এই প্রতিষ্ঠানখনে য়ুনানী ঔষধ প্রণালীৰ বিভিন্ন শাখাত উচ্চ মানৰ পেছাদাৰী লোকক প্রস্তুত কৰি তুলিব। প্রতিষ্ঠানখনত ১৪টা বিভাগ থাকিব আৰু ই য়ুনানী ঔষধ প্ৰণালীৰ বিভিন্ন শাখাত স্নাতকোত্তৰ আৰু ডক্টৰেল পাঠ্যক্ৰম প্ৰদান কৰিব। প্রতিষ্ঠানখনে য়ুনানী চিকিৎসা প্রণালীৰ মৌলিক দিশ, ঔষধৰ বিকাশ, মান নিয়ন্ত্রণ, সুৰক্ষা মূল্যাঙ্কন আৰু বৈজ্ঞানিক বৈধতাৰ ওপৰতো গুৰুত্ব দিব। প্রতিষ্ঠানখনে য়ুনানী শিক্ষা, স্বাস্থ্যসেৱা আৰু গৱেষণাৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিব বুলি আশা কৰা হৈছে। গাজিয়াবাদৰ ৰাষ্ট্ৰীয় য়ুনানী প্রতিষ্ঠানখন ৩৮১ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে। এই প্রতিষ্ঠানখনে য়ুনানী চিকিৎসা প্ৰণালীৰ বিশ্বব্যাপী প্রচাৰ আৰু
গৱেষণাৰ বাবে এক আন্তর্জাতিক সহযোগিতা কেন্দ্র হিচাপে কাম কৰিব। আন্তঃৰাষ্ট্ৰীয় মর্যাদাসম্পন্ন বিশ্ববিদ্যালয় তথা গৱেষণা প্রতিষ্ঠানসমূহৰ সৈতে দ্বিপাক্ষিক আৰু বহুপাক্ষিক সহযোগিতা সৃষ্টি কৰাত এই প্রতিষ্ঠানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।