গুৱাহাটী,২৪ জুলাইঃ ক’ভিডে প্ৰাণ ল’লে ৰাজ্যৰ এগৰাকী শীৰ্ষ আমোলাৰ। দেওবাৰে ক’ভিডত আক্ৰান্ত হোৱা জ্যেষ্ঠ আই এ এছ বিষয়া তথা আবকাৰী বিভাগৰ প্ৰধান সচিব ৰাজেশ প্ৰসাদৰ চিকিৎসাধীন অৱস্থাত গুৱাহাটী স্বাগত হাস্পতালত মৃত্যু হয়। আন ৰোগত ভুগি থকা ৰাজেশ প্ৰসাদৰ ক’ভিডত আক্ৰান্ত হোৱাৰ বাবে স্বাস্থ্যৰ অৱস্থা অধিক গুৰুতৰ হৈ পৰিছিল। শুকুৰবাৰে হাস্পতালত ভৰ্তি হোৱা জ্যেষ্ঠ আমোলাজন গুৰুতৰভাৱে হৃদৰোগত আক্রান্ত হোৱাৰ উপৰি যকৃতৰ ৰোগতো ভুগি আছিল। অৱশেষত তেওঁ আজি দিনৰ ভাগত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে। উল্লেখ যে ১৯৯৫ চনৰ অসম-মেঘালয় কেড‍াৰ আই এ এছ বিষয়া ৰাজেশ প্ৰসাদে অৱকাৰী বিভাগৰ উপৰি গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰো প্ৰধান সচিবৰ দায়িত্বত আছিল। বিষয়াজনৰ অকাল বিয়োগত ৰাজ্যৰ প্ৰশাসনীয় মহলত শোকৰ ছাঁ পৰিছে।