গুৱাহাটী,২৫ জুলাইঃ আম আদমি পাৰ্টী চমুকৈ আপে সোমবাৰে এক বিবৃত্তি যোগে জনোৱা অনুসৰি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মণিষ ছিছোদিয়াৰ বিৰুদ্ধে ৰিণিকি শৰ্মা ভূঞাই দিয়া মানহানিৰ গোচৰত স্থগিতাদেশ জাৰি কৰে আদালতে। বিবৃতিত উল্লেখ কৰা অনুসৰি সোমবাৰে গুৱাহাটী সত্ৰ ন্যায়ালয়ে এই গোচৰত প্ৰথমটো শুনানি গ্ৰহণ কৰি স্থগিতাদেশ জাৰি কৰে লগতে ৩ ছেপ্তেম্বৰ পৰৱৰ্তী শুনানিৰ দিন নিৰ্ধাৰণ কৰে। আপৰ আইনী কোষৰ সমন্বয়ক আৰু যুটীয়া সমন্বয়ক নাৰায়ণ দত্ত ভূঞা আৰু আলাউদ্দিন আহমেদ আৰু দলৰ ৰাজ্যিক যুটীয়া সমন্বয়ক জিতুল ডেকাই এই কথা জানিবলৈ দিয়ে।উল্লেখ্য যে আজিৰ এই শুনানিত দুই পক্ষৰে অধিবক্তা উপস্থিত থাকে। মণিষ ছিছোদিয়াৰ অধিবক্তাই আদালতত উল্লেখ কৰে যে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী গৰাকীয়ে বহুল প্ৰচাৰিত বাতৰিৰ ভিত্তিত ৰিণিকি ভূঞা শৰ্মাৰ নাম সংবাদ মেলত উল্লেখ কৰিছিল। তেওঁ নিজৰ ফালৰ পৰা একো মন্তব্য কৰা নাই। আদালতে দুয়ো পক্ষৰ যুক্তি শুনাৰ পাছতেই গোচৰটোত জাৰি কৰে স্থগিতাদেশ। উল্লেখ্য যে ক’ভিডৰ সময়ত সেই সময়ৰ অসমৰ স্বাস্থ্য মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পিপিই কিট ক্ৰয় বিক্ৰয়ত কেলেংকাৰী কৰা বুলি একাংশ সংবাদ মাধ্যমে প্ৰচাৰ কৰিছিল। ইয়াত নাম সাঙোৰ খাইছিল হিমন্ত বিশ্ব শৰ্মাৰ পত্নী, পুত্ৰ আৰু বন্ধুৰ নামো।