লখিমপুৰ, ২৫ জুলাই : ৰাইজৰ দীৰ্ঘদিনীয়া দাবী, দল সংগঠনৰ তীব্ৰ প্ৰতিবাদৰ অন্তত অৱশেষত লখিমপুৰ নগৰৰ নকাড়ী ৰেলৱে ক্ৰচিঙত এখন উৰণীয়া সেতু নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে প্ৰশাসনিক অনুমোদন প্ৰদান কৰাত ৰাইজৰ মাজত আনন্দৰ জোৱাৰ উঠিছে। উল্লেখনীয় কথা যে লখিমপুৰ নগৰৰ পৰা ৰঙাজান সংযোগী পথটোত নকাড়ীত ৰেলৱে ক্রচিত্তত এখন অভারব্রীজ তথা উৰণীয়া সেতু নির্মাণ নোহোৱাৰ বাবে দীৰ্ঘদিন ধৰি এই পথৰ যাত্রী, যানবাহন আৰোহী, ৰোগী, ছাত্র-ছাত্রী, ব্যৱসায়ী, কর্মচাৰী আদিয়ে দুর্ভোগ ভুগি আহিছে। অৱশেষত চৰকাৰে উত্ত স্থানত আৰ অ’ বি নিৰ্মাণৰ বাবে ২১ জুলাইত প্রশাসনিক অনুমোদন প্রদান কৰাত সকলোৱে স্বস্তিৰ নিশ্বাস এৰিছে। আমাৰ হাতত পৰা তথ্য অনুসৰি নকাড়ী ৰেলৱে ক্ৰচিঙত এখন আৰ অ’ বি তথা উৰণীয়া সেঁতু নিৰ্মাণৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰে গড়কাপ্তানি (পথ) বিভাগক ডি পি আৰ নিৰ্মাণৰ বাবে ৬৫ লাখ ৮ হাজাৰ টকা অনুমোদন জনাইছে। অৱশ্যে ইয়াৰ সম পৰিমানৰ ধন ৰেল বিভাগে ব্যয় কৰিব। এই ডি পি আৰু তথ্য ডিটেইল প্রজেক্ট ৰিপৰ্ট নিৰ্মাণৰ বাবে গড়কাপ্তানি (পথ) বিভাগক ৰাজ্য চৰকাৰে নিৰ্দেশ দি উৰণীয়া সেঁতুৰ বাবে প্রয়োজনীয় ভূমি, গৃহ নির্মাণ আদিৰ বাবে তাৎক্ষণিক ভাবে আঁচনি প্ৰস্তুতৰ নিৰ্দেশ দিছে।

উল্লেখনীয় কথা যে দীর্ঘদিন ধৰি এই পথটোত বিশেষকৈ নকাড়ী বেল ক্ৰচিঙত যিকোনো সময়ত বেল অহাৰ সময়ত গেট বন্ধ হৈ পৰাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ নিয়া ৰোগী সহ বিভিন্ন লোকে হাৰাশাস্তি ভোগ কৰি আহিছিল। এই পথটোৰে নকাড়ী ৰেলৱে ক্ৰচিং পাৰ হৈ যোৱাৰ পিছতহে লীলাবাৰী বিমান কোঠ, লীলাবাৰীস্থ ত্ৰয়োদশ অসম আৰক্ষী বেটেলিয়ানৰ মুখ্য কার্যালয়, চাকতিৰ সেনা চাউনি, উত্তৰ লখিমপুৰ চেইন্ট মেৰিজ হাইস্কুল, লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়, লখিমপুৰ চিকিৎসা মহাবিদ্যালয়কে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত উপস্থিত হ’ব পাৰি। যাৰ ফলত বিভিন্ন দল-সংগঠনৰ লগতে ৰাইজে উক্ত স্থানত এখন উৰণীয়া সেঁতু নিৰ্মাণৰ বাবে দাবী জনাই আহিছিল।