দিল্লী,২৫ জুলাইঃ দেশৰ প্ৰথমগৰাকী আদিবাসী আৰু দ্বিতীয়গৰাকী মহিলা হিচাপে আজি ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হ’ল দ্ৰৌপদী মুৰ্মু। দেশৰ পঞ্চদশ ৰাষ্ট্ৰপতি হিচাপে আজি দ্ৰৌপদী মুৰ্মুৱে শপত গ্ৰহণ কৰে। নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীক উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰমন্নাই শপত বাক্য পাঠ কৰায়। সংসদৰ চেন্ট্ৰেল হলত অনুষ্ঠিত হোৱা এই শপত গ্ৰহণ অনুষ্ঠানত শপত বাক্য পাঠ কৰাৰ পিছতে ৰাষ্ট্ৰপতি হিচাপে দেশবাসীক সম্বোধন কৰে দ্ৰৌপদী মুৰ্মুৱে। দেশবাসীক সম্বোধন কৰি তেওঁ কয় – ‘মই দেশৰ প্ৰথম ৰাষ্ট্ৰপতি যি স্বাধীন ভাৰতত জন্মগ্ৰহণ কৰিছো। স্বাধীন ভাৰতৰ নাগৰিকসকলৰ সৈতে আমাৰ স্বাধীনতা সংগ্ৰামীসকলে যি আশা ৰাখিছিল সেয়া পূৰণ কৰিবলৈ আমি আমাৰ প্ৰচেষ্টা ত্বৰান্বিত কৰিব লাগিব।’ তেওঁ লগতে কয় – ‘ৰাষ্ট্ৰপতি পদত উপনীত হোৱাটো মোৰ ব্যক্তিগত সাফল্য নহয়, ই হৈছে ভাৰতৰ প্ৰতিজন দৰিদ্ৰ লোকৰ কৃতিত্ব। ৰাষ্ট্ৰপতি হিচাপে মোৰ মনোনয়নেই প্ৰমাণ কৰে যে ভাৰতৰ দৰিদ্ৰ সকলে কেৱল সপোনই নহয়, সেই সপোনবোৰো পূৰণ কৰিবও পাৰে। মোৰ বাবে সন্তোষজনক যে যিসকল লোক বছৰ ধৰি উন্নয়নহীন আছিল তেওঁলোকে মোক তেওঁলোকৰ প্ৰতিফলন হিচাপে চাব পাৰে। মোৰ মনোনয়নত ইয়াৰ আঁৰত দৰিদ্ৰ লোকসকলৰ আশীৰ্বাদ আছে, ই কোটি কোটি মহিলাৰ সপোন আৰু সামৰ্থ্যৰ প্ৰতিফলন।’ ভাষণত তেওঁ কয় – ‘২৬ জুলাই হৈছে কাৰ্গিল বিজয় দিৱস। এই দিনটো ভাৰতীয় সেনা বাহিনীৰ বীৰত্বৰ প্ৰতীক। মই কাৰ্গিল দিৱসৰ প্ৰতি আগতীয়াকৈ শুভেচ্ছা জনাইছো। মই উৰিষ্যাৰ এখন গাঁৱৰ পৰা মোৰ জীৱন যাত্ৰা আৰম্ভ কৰিছিলো। য’ত প্ৰাথমিক শিক্ষা লাভ কৰাটোও সপোনৰ দৰে আছিল। মই কলেজলৈ যোৱা মোৰ গাঁৱৰ প্ৰথম কন্যা হৈছিলোঁ। এইটো গণতন্ত্ৰৰ শক্তি যে এজন দৰিদ্ৰ ব্যক্তিৰ পৰা জন্ম হোৱা এজনী কন্যাই ভাৰতৰ সৰ্বোচ্চ সাংবিধানিক পদত উপনীত হ’ব পাৰে।’
