উত্তৰ প্ৰদেশ,২৫ জুলাইঃ উত্তৰ প্ৰদেশৰ পূৰ্বাঞ্চল এক্সপ্ৰেছৱেৰ বাৰাবাঁকীত সংঘটিত হৈছে এক ভয়াৱহ পথ দুৰ্ঘটনা। আজি পুৱা সংঘটিত হোৱা এই দুৰ্ঘটনাত বৰ্তমানলৈকে ৮ জন লোকৰ মৃত্যু হৈছে। আনহাতে অতি সংকটজনক ভাৱে হাস্পতালত ভৰ্তি কৰোৱা হৈছে ২০ জনকৈ আহত লোকক। উল্লেখ যে ঘটনাস্থলীতে ৮ জন যাত্ৰীৰ মৃত্যু হয়। ঘটনাস্থলীত আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ উদ্ধাৰ আৰু সাহায্য অভিযান আৰম্ভ কৰে। আহতসকলক চি এইচ চি হায়দৰগড়ত ভৰ্তি কৰোৱা হৈছে। একে সময়তে গুৰুতৰভাৱে আহতসকলক লক্ষ্ণৌলৈ প্ৰেৰণ কৰা হৈছে। উল্লেখ্য যে যোৱা মাহত পূৰ্বাঞ্চল এক্সপ্ৰেছৱেত আন এটা দুৰ্ঘটনা সংঘটিত ঘটিছিল। ১৫ জুনত চুলতানপুৰৰ দোষ্টপুৰ আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত পূৰ্বাঞ্চল এক্সপ্ৰেছৱেত এখন গাড়ী-টেংকাৰৰ সংঘৰ্ষ হয়, যাৰ ফলত চাৰিজন লোক নিহত হয় আৰু আন দুজন আহত হয়। ইফালে আজিৰ এই দুৰ্ঘটনাৰ সন্দৰ্ভত টুইট কৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী আদিত্য নাথে দুখ প্ৰকাশ কৰিছে।