জুৰীয়া, ২৫জুলাই ২০২২ঃ ড্ৰাগছৰ হটস্পটলৈ পৰিণত হোৱা জুৰীয়াৰ বেপাৰী বস্তিত ড্ৰাগছ বিক্ৰী কৰি থকা অৱস্থাতে আৰক্ষীৰ চিংঘম ৰূপত অতৰ্কিতে কৰা অভিযানত এখন বাইক আৰু ড্ৰাগছ সহ আটক এটা কুখ্যাত ড্ৰাগছ বেপাৰী। মংগল বাৰে বিয়লি বেপাৰী বস্তিৰ কুখ্যাত ড্ৰাগছ বেপাৰী ইমান আলীৰ বাসগৃহত চলিছিল এই অভিযান। অভিযানত ৭.১৬ গ্ৰাম নিষিদ্ধ ড্ৰাগছ ভৰ্তি ৭ টাকৈ চাধা টেমা জব্দ কৰিবলৈ সক্ষম হয়। জুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অদিত বড়োৰ নেতৃত্বত চলিছিল এই অভিযান। উল্লেখ্য যে দীৰ্ঘদিন বেপাৰী বস্তিত চলি আহিছিল ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। ইয়াৰ পূৰ্বেও আৰক্ষীয়ে বহুবাৰ ড্ৰাগছৰ বিৰূদ্ধে চলাইছিল অভিযান । ড্ৰাগছ ৰ হটস্পটলৈ পৰিণত হোৱা বেপাৰী বস্তিত দুবাৰকৈ এনকাউন্টাৰ ঘটনাও সংঘটিত হৈছিল।