বৰপেটা,২৬ জুলাইঃ বৰপেটা জিলাৰ জনিয়া সমষ্টিৰ কলগাছিত আজি এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। স্থানীয় গাঁওৰক্ষী বাহিনীৰ সম্পাদক জিন্নত আলীৰ খৰি গৃহৰ পৰা সূত্ৰপাত হোৱা জুই পিছত খৰিগৃহৰ সম্মুখতে থকা দোকান গৃহলৈ জুই বিয়পে। এই ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত প্ৰায় পঞ্চাশ হাজাৰ টকাৰ ক্ষতি সাধন হয় বুলি জিন্নত আলীয়ে জানিবলৈ দিয়ে। আনকি জিন্নত আলী ঘৰত নথকাৰ সময়তেই অগ্নিকাণ্ড সংগঠিত হয় বুলি তেওঁ কয়। ঘৰৰ মালিক তথা গাঁওৰক্ষী বাহিনীৰ সম্পাদক জিন্নত আলীয়ে চৰ্ট ছাৰ্কিটৰ ফলত হৈছে বুলি কয় যদিও দীৰ্ঘ দিনৰ পৰা অবৈধ জুৱা খেল চলি থকাৰ বাবেই এই ভয়ংকৰ অগ্নিকাণ্ড সংগঠিত হয় বুলিও একাংশ স্থানীয় ৰাইজে মতপোষণ কৰে। পিছত কলগাছিয়া অগ্নি নিৰ্বাপন আস্থানত খবৰ দিয়ে যদিও অগ্নি নিৰ্বাপনৰ গাড়ী অহাৰ আগতেই ৰাইজৰ তৎপৰাত জুই নুমোৱাবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে।