গুৱাহাটী,২৭ জুলাইঃ প্ৰাক্তন মন্ত্ৰী তথা বৰ্ষীয়ান ৰাজনীতিক অৰ্ধেন্দু কুমাৰ দে’ আৰু নাই। যোৱানিশা ১.৩০ বজাত চিকিৎসাধীন অৱস্থাত তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা বৰ্ষীয়ান ৰাজনীতিকগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৪ বছৰ। আজি তেওঁৰ নশ্বৰ দেহ হোজাইলৈ লৈ যোৱা হ’ব। উল্লেখ যে ১৯৯১ চনৰ পৰা ২০২১ চনলৈ তেওঁ কংগ্ৰেছ দলৰ নেতা আছিল। ১৯৯১ চনৰ পৰা ২০০৬ চনলৈ সুদীৰ্ঘ সময় তেওঁ হোজাইৰ বিধায়ক আছিল। ২০১১ চনৰ পৰা ২০১৬ লৈ পুনৰ হোজাইৰ বিধায়ক নিৰ্বাচিত হৈছিল। তৰুণ গগৈ চৰকাৰৰ দিনত মন্ত্ৰী আছিল অৰ্ধেন্দু দে’। ২০২১ চনত অৰ্ধেন্দু দে’ই কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল। তেওঁৰ মৃত্যুত ৰাজ্যৰ ৰাজনীতিত শোকৰ ছাঁ পৰিছে।