গুৱাহাটী,২৭ জুলাইঃ বিশিষ্ট সাহিত্যিক অতুলানন্দ গোস্বামী আৰু নাই। বুধবাৰে পুৱতি নিশা প্ৰায় ৪.৪০ বজাত স্বনামধন্য সাহিত্যিকগৰাকীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৭ বছৰ। শাৰীৰিক অসুস্থতাৰ বাবে কিছুদিন ধৰি তেওঁ চিকিৎসাধীন হৈ আছিল। সৃষ্টিৰ বিশালতাৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰা ‘নামঘৰীয়া’ৰ স্রষ্টা অতুলানন্দ গোস্বামীৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে। অসমীয়া সাহিত্যত গল্পকাৰ, ঔপন্যাসিক, অনুবাদক হিচাপে পৰিচিত গোস্বামীৰ ‘হামদৈ পুলৰ জোন’, ‘চেনেহ জৰীৰ গাঁথি’, ‘ৰাজপাট’, ‘পলাতক’, ‘আশ্রয় আদি অপূৰ্ব সৃষ্টি। ‘চেনেহ জৰীৰ গাঁথি’ৰ বাবে ২০০৬ চনত তেওঁ ‘সাহিত্য অকাডেমী বঁটা’ লাভ কৰিছিল। ২০১৩ চনত লাভ কৰিছিল ‘অসম উপত্যকা সাহিত্য বঁটা’। ‘নামঘৰীয়া’ৰ বাবে অসম সাহিত্য সভাৰ অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা , কুমাৰ কিশোৰ সোঁৱৰণী বঁটা , ‘বলিয়া হাতী’ৰ বাবে ১৯৯২ চনত ‘কথা’ বঁটা লাভ কৰিছিল গোস্বামীয়ে।
