২৭ জুলাই, ২০২২ : বিগত দুবছৰত ভাৰতত ৪৪৮৬ জন কয়দীৰ মৃত্যু। ৰাজ্যভিত্তিক পৰিসংখ্যা অনুসৰি উত্তৰ প্ৰদেশত সৰ্বাধিক কয়দীৰ মৃত্যু হৈছে। ইয়াৰ পিছতে আছে পশ্চিমবংগ।

দেশৰ পশ্চিমৰ ৰাজ্যসমূহত বৃদ্ধি পাইছে এই মৃত্যুৰ সংখ্যা। আনহাতে, উত্তৰ-পূবৰ ৰাজ্যসমূহত বন্দীৰ মৃত্যুৰ সংখ্যা তুলনামূলকভাৱে কম।
মঙলবাৰে ইণ্ডিয়ান মুছলিম লীগৰ সাংসদ আব্দুছামদ ছামাদানীয়ে জে’লৰ কাৰাবন্দীৰ মৃত্যুক লৈ প্ৰশ্ন উত্থাপন কৰে সংসদত।

ইয়াৰ প্ৰত্যুত্তৰত কেন্দ্রীয় মন্ত্রী নিত্যানন্দ ৰায়ে কাৰাবন্দীসকলৰ মৃত্যুৰ সন্দর্ভত লিখিত প্রতিক্রিয়া প্রদান কৰিছে ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে বিগত দুবছৰত দেশত ৪৪৮৬ জন কাৰাবন্দীৰ মৃত্যু হৈছে। ইয়াৰে ২০২০ চনত উত্তৰ প্ৰদেশত ৪৫১ জন আৰু ২০২১ চনত ৫০১ জন কয়দীৰ মৃত্যু হৈছিল। ইয়াৰ পিছতে আছে পশ্চিম বংগ। যোৱা দুবছৰত পশ্চিম বংগত কয়দীৰ মৃত্যুৰ সংখ্যা হৈছে ৪৪২ জন। ২০২০ চনত ১৮৫ জন আৰু ২০২১ চনত ২৫৭ জন।

 

তালিকাৰ তৃতীয় স্থানত আছে বিহাৰ। নীতিশ কুমাৰৰ ৰাজ্যত ২০২০ চনত ১৫৯ জন আৰু ২০২১ চনত ২৩৭ জন কয়দীৰ মৃত্যু হয়।

দক্ষিণ ভাৰতৰ একাংশ ৰাজ্যতো বৃদ্ধি পাইছে কাৰাগাৰত মৃত্যু হোৱা লোকৰ সংখ্যা। ২০২০ চনত ৬৩ জন কাৰাবন্দীৰ মৃত্যু হোৱা তামিলনাডুত ২০২১ চনত ১০৯ জনলৈ বৃদ্ধি পাইছে। আনহাতে, উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহত কাৰাবন্দীৰ সংখ্যা বহু কম। মিজোৰাম, মণিপুৰ, নাগালেণ্ড, ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশৰ লগতে গোৱা আৰু কৰ্ণাটকতো ১০ জনতকৈ কম কয়দীৰ মৃত্যু হৈছে।

আনহাতে, নিত্যানন্দ ৰায়ে কয় যে লক্ষদ্বীপ, লাডাখ, দমন, দিউ আদি কেন্দ্ৰীয় শাসিত অঞ্চলত জিম্মাত মৃত্যু হোৱা লোকৰ সংখ্যা শূন্য। মন্ত্ৰীগৰাকীয়ে যোৱা দুবছৰত পুলিচ এনকাউণ্টাৰত মৃত্যু হোৱা লোকৰ সংখ্যাও অৱগত কৰে। কেন্দ্ৰৰ পৰিসংখ্যা অনুসৰি ২০২০ৰ পৰা ২০২১ চনৰ ভিতৰত দেশত আৰক্ষীৰ এনকাউণ্টাৰত ২৩৩ জন লোকৰ মৃত্যু হৈছে। এনকাউণ্টাৰত সৰ্বাধিক মৃত্যু হৈছে ছত্তীশগড়ৰ পিছতে আছে জম্মু-কাশ্মীৰ আৰু উত্তৰ প্ৰদেশ।