বিজনী, ২৭জুলাই ২০২২ : ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বিজনী আৰক্ষীয়ে।কালি নিশা বিজনীৰ কাৱাটিকা চাৰি আলিত আৰক্ষীৰ অভিযানত ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰা হয় এটা সৰবৰাহকাৰীক।বিজনী আৰক্ষীৰ গোপন খবৰৰ ভিত্তিত অভিযান চলাই ৯ টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ, দুটা খালি কণ্টেইনাৰ, দুটা মোবাইল হেণ্ডছেটসহ ময়নাল হক(২৫) আৰু দিলদাৰ মোল্লাহ(৩৮) নামৰ দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। জব্দকৃত ড্ৰাগছখিনিৰ ওজন ১০.৬৭ গ্ৰাম। ধৃত ময়নাল হকৰ ঘৰ বঙাইগাঁৱৰ ১ নং নাচনগুৰীত আৰু দিলদাৰ মোল্লাহৰ ঘৰ গৰাইমাৰীত বুলি জানিব পৰা গৈছে ।