তিনিচুকীয়া ২৯ জুলাই: অসম চৰকাৰৰ কৃষি আৰু উদ্যান শস্য, পশু চিকিৎসা ও নগৰ পৰিকল্পনা দপ্তৰৰ মাননীয় মন্ত্ৰী তথা তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰা মহোদয়ে আজি তিনিচুকীয়া সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্য্যালয়ত কৃতজ্ঞতা পেঞ্চন সেৱা কেন্দ্রৰ শুভ উদ্বোধন কৰে। তিনিচুকীয়া জিলা প্ৰশাসন আৰু তিনিচুকীয়া জিলা শিক্ষা বিভাগৰ ব্যৱস্থাপনাত এই পেঞ্চন সেৱা কেন্দ্রৰ শুভ উদ্বোধনৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা সভাত মাননীয় কৃষিমন্ত্ৰীগৰাকীৰ লগতে অসম চৰকাৰৰ শ্ৰম আৰু চাহ জনজাতি কল্যাণ দপ্তৰৰ মাননীয় মন্ত্ৰী সঞ্জয় কিষাণ, শদিয়া বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক বলিন চেতিয়া, ডিগবৈ সমষ্টিৰ মাননীয় বিধায়ক সুৰেন ফুকন, ডুমডুমা সমষ্টিৰ মাননীয় বিধায়ক ৰুপেশ গোৱালা, জিলা উপায়ুক্ত নৰসিং পৱাৰ, শিক্ষা বিভাগৰ অতিৰিক্ত উপায়ুক্ত সুশান্ত দত্ত, বিদ্যালয়সমূহৰ পৰিদৰ্শক বিতুপন হাজৰিকা, জিলা প্ৰাথমিক শিক্ষা বিষয়া বিন্তী শৰ্মা প্ৰমুখ্যে শিক্ষা বিভাগৰ অন্যান্য বিষয়া কৰ্মচাৰী, বিদ্যালয়সমূহৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু কেইবাগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰী উপস্থিত থাকে। উল্লেখযোগ্য যে, আজি অসমৰ ২৭ খন জিলাত এই কৃতজ্ঞতা পেঞ্চন সেৱা কেন্দ্রৰ শুভ উদ্বোধন কৰা হৈছে। অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে সন্মুখীন হোৱা পেঞ্চন সংক্ৰান্তিয় বিভিন্ন অসুবিধাৰ অৱসান ঘটাবৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নিৰ্দেশনা অনুসৰি এই কৃতজ্ঞতা পেঞ্চন সেৱা কেন্দ্রৰ স্থাপন কৰা হৈছে। এই সেৱা কেন্দ্রৰ জৰিয়তে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰৰ সেৱা পুথি লগত পেঞ্চন সংক্ৰান্তিয় সকলো নথি-পত্ৰ অনলাই মাধ্যমেৰে আপলড আৰু প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হ’ব।
সভাত মাননীয় কৃষিমন্ত্ৰী অতুল বৰাদেৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাদেৱৰ গতিশীল নেতৃত্বত প্ৰশাসনৰ সৰ্বস্তৰতে ব্যাপক সংস্কাৰ সাধন হৈছে বুলি উল্লেখ কৰি বৰ্তমানৰ চৰকাৰখনে ডিজিটেল কৰ্মব্যৱস্থাৰ ওপৰত অত্যাধিক গুৰুত্ব দিছে বুলি মন্তব্য আগবঢ়ায়। কৃষিমন্ত্ৰীগৰাকীয়ে, এই কৃতজ্ঞতা পেঞ্চন সেৱা কেন্দ্রসমূহত পেঞ্চন সংক্ৰান্তত অহা অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে যাতে কোনো কাৰণতেই অসুবিধাৰ সন্মুখীন নহয় সেয়া সুনিশ্চিত কৰিবলৈ কেন্দ্রত নিয়োজিত বিষয়া কৰ্মচাৰীসকলক আহ্বান জনায়। সভাত অসম চৰকাৰৰ শ্ৰমমন্ত্ৰী শ্ৰী সঞ্জয় কিষাণ মহোদয়ে এই কৃতজ্ঞতা পেঞ্চন সেৱা কেন্দ্রই পেঞ্চন লাভৰ বাবে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ কষ্ট যথেষ্ট লাঘৱ কৰিব বুলি উল্লেখ কৰে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পেঞ্চন প্ৰক্ৰিয়াৰ সৱলীকৰণৰ বাবে লোৱা পদক্ষেপৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। বৰ্তমানৰ চৰকাৰখনে ৰাইজৰ কল্যাণৰ হকে লোৱা সিদ্ধান্তসমূহ সফলতাৰে কাৰ্য্যকাৰী কৰাত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে বুলি নিজ ভাষণত উল্লেখ কৰে।
আনহাতে আজিৰ সভাতে অৱসৰ গ্ৰহণ কৰিবলগীয়া ৩ গৰাকী চৰকাৰী কৰ্মচাৰীক আজি তেওঁলোকৰ পেঞ্চন নথি-পত্ৰ প্ৰদান কৰা হয়।