নিউজ ডেক্স : উত্তৰ-পূবৰ ভিতৰত অসমত সৰ্বাধিক সংখ্যক লোকৰ এনকাউন্টাৰত মৃত্যু উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ভিতৰত, অসমত এপ্ৰিল ২০২০ ৰ পৰা মাৰ্চ ২০২২-ৰ ভিতৰত সৰ্বাধিক সংখ্যক লোকৰ আৰক্ষীৰ জিম্মাত মুখামুখি আৰু এনকাউন্টাৰত মৃত্যু হৈছে। গৃহ মন্ত্ৰালয়ে এই বিষয়ে অৱগত কৰিছে। উত্তৰ-পূবৰ ভিতৰত এনে মৃত্যুৰ সংখ্যা নাগালেণ্ডত আটাইতকৈ কম ।অসমঃ আৰক্ষীৰ মুখামুখি সংঘৰ্ষত ৪১ জন জিম্মাত মৃত্যু আৰু ২২ জনৰ মৃত্যু। নাগালেণ্ড: আৰক্ষীৰ সংঘৰ্ষত ১ জন, আৰক্ষীৰ জিম্মাত মৃত্যু ১ জনৰ মৃত্যু। মণিপুৰ: আৰক্ষীৰ সংঘৰ্ষত ২ জন, জিম্মাত মৃত্যু ১ জনৰ । মেঘালয়: আৰক্ষীৰে মুখামুখি সংঘৰ্ষত হোৱাত ২০ জন, জিম্মাত মৃত্যু 2 জনৰ।ছিকিম: আৰক্ষীৰে মুখামুখি সংঘৰ্ষত হোৱাত ৬ জন, জিম্মাত মৃত্যু ০ । ত্ৰিপুৰা: আৰক্ষীৰ মুখামুখি সংঘৰ্ষত ৭ জন, জিম্মাত মৃত্যু ০ । মিজোৰাম: আৰক্ষীৰে সংঘৰ্ষত ১১ জন, জিম্মাত মৃত্যু ০ । অৰুণাচল প্ৰদেশ: আৰক্ষীৰে সংঘৰ্ষত ৫ জন, জিম্মাত মৃত্যু ১ জনৰ ।