যোৰহাট, ২০জুলাই ২০২২: চাকৰি হেৰুৱাৰ ভয় অসমৰ শক্তি খন্ডৰ কাম কৰি থকা প্ৰায় ৫ হাজাৰ অস্থায়ী বিদ্যু কৰ্মীৰ। উল্লেখযোগ্য যে চাকৰি নিয়মীয়াকৰণৰ বিষয়টোক চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব প্ৰদান নকৰাৰ বাবেই দেশত COVID-19 ৰ মহামাৰী সময়ত নিজৰ জীৱনক তুচ্ছ কৰি ৰাইজক বিদূৎ যোগান ধৰা চৰকাৰৰ ১ লাখ নিযুক্তি প্ৰক্ৰিয়াত শক্তি বিভাগৰ কোনো খালী পদ নেদেখুওৱাত হতাশাত ভুগিছে ৫ হাজাৰ অস্থায়ী কৰ্মী। দিনে ৰাতিয়ে কৰা পৰিশ্ৰমৰ কথা চিন্তা নকৰা বিভাগ তথা চৰকাৰখনে মাত্ৰ ৰাজহৰ ওপৰত হে বেছিকৈ গুৰুত্ব দিয়াত আজি APDCL ৰ অস্থায়ী কৰ্মীয়ে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে। লগতে যদি পৰবৰ্তী সময়ত ASSAM STATE OUTSOURCE POWER WORKERS UNION ৰ দীৰ্ঘ দিনীয়া সমস্যাসমূহ সমাধান নকৰে তেতিয়া গনতান্ত্ৰিক ভৱে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰো হুংকাৰ প্ৰদান কৰিছে।