লখিমপুৰ , ২৯ জুলাইঃ লখিমপুৰ জলসম্পদ বিভাগত এতিয়া খহনীয়া প্ৰতিৰোধৰ নামত চৰকাৰী ধনৰ ব্যাপক অপচয় ঘটিছে। একপ্ৰকাৰে সোৱণশিৰি নদীৰ খহনীয়া সুৰক্ষাৰ নামত কোটি কোটি টকা পানীত পৰি আহিছে। শেহতীয়াকৈ সোৱণশিৰি নদীৰ মঘোৱাচুকত এছ অ’ পি ডিৰ ১০ কোটি টকীয়া এনে এখন আঁচনি পানীত পৰাৰ উপক্ৰম ঘটিছে। সামান্য কামেৰে ঠিকাদাৰে কাম আধৰুৱা কৰি ৰখাৰ পিছতো জলসম্পদ বিভাগে এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাতো ৰহস্যজনক। প্রাপ্ত তথ্য অনুসৰি চলিত বৰ্ষৰ ২৮ ফেব্ৰুৱাৰীত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই ১১২ নং ঢকুৱাখনা বিধান সভা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলেৰ উপস্থিতিত এছ অ’ পি ডিৰ এই ১০ কোটি টকীয়া আঁচনিখনৰ শুভাৰম্ভ কৰিছিল। খহনীয়া প্ৰতিৰোধৰ লক্ষ্যৰে বধাকৰাৰ হৰিদাস মঘোৱাচুক আৰু সোণোৱাল গাঁও সামৰি সোৱণশিৰিৰ সোঁপাৰে এই খহনীয়া প্ৰতিৰোধ আঁচনিখন গ্ৰহণ কৰি ১০ কোটি টকা ধার্য কৰে। সেইমৰ্মে উক্ত কামৰ নিৰ্বিদা লাভ কৰে লখিমপুৰ জলসম্পদ বিভাগৰ ঠিকাদাৰ ৰাজীৱ চাহে। ঠিকাদাৰজনে প্রথম অৱস্থাত কেইশ মিটাৰমান কাম কৰি আঁচনিখন তেনেদৰে পেলাই ৰখাত এতিয়া সোৱণশিৰিৰ পানীয়ে আঁচনিখন একপ্ৰকাৰে তচনচ কৰি পেলায়। ঠিকাদাৰে সময়মতে সঠিক ভাৱে আঁচনি ৰূপায়ণৰ কাম সম্পূর্ণ নকৰাৰ ফলতে এই আঁচনিখন একপ্ৰকাৰে প্ৰহসনত পৰিণত হয়। ইফালে আধৰুৱা তথা নিম্নমানৰ কামেৰে আঁচনিৰ নামত আৱন্টি ধন কৌশলেৰে উলিয়াই নিয়াৰ অপেক্ষাত আছে নিবিদাপ্রাপ্ত ঠিকাদাৰ। আঁচনিখন ৰূপায়ণৰ নামত ঠিকাদাৰে যেনেদৰে সঠিক ভাৱে বিশেষকৈ জিঅ বেগ, মেট আদি স্থাপন কৰিব লাগিছিল তেনে নকৰাৰ বাবেই এতিয়া আঁচনিখন নদীত জাহ যোৱাৰ উপক্ৰম ঘটাৰ লগতে খহনীয়া অংশত পাৰি দিয়া মেট সমূহ ফাটি যোৱাৰ লগতে তলৰ মাটি খহি আঁচনিখন একপ্ৰকাৰে প্ৰহসনত পৰিণত হৈছে যদিও জল সম্পদ বিভাগৰ ঠিকাদাৰজনৰ প্ৰতি বিষয়াৰ অবাঞ্ছিত দৰদে স্থানীয় লোকসকলক ক্ষোভিত কৰি তুলিছে। আধৰুৱা কামেৰে ১০ কোটি টকীয়া আঁচনিখন এনেদৰে পেলাই ৰখা কাৰ্যৰ বিৰুদ্ধে জিলা উপায়ুক্তৰ হস্তক্ষেপ দাবী কৰিছে উক্ত লোকসকলে।