নেচনেল ডেক্স,২৯ জুলাইঃ এটা চৰকাৰী চাকৰিৰ বাবে নিবনুৱাৰ হাহাকাৰৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ তথ্য। চাকৰিৰ বাবে ২০১৪ চনৰ পৰা এতিয়ালৈকে দেশৰ ২২.০৫ কোটি লোকে আৱেদন জনাইছিল। ইয়াৰ ভিতৰত সংস্থাপন লাভ কৰে মাত্ৰ ৭.২২ লাখ লোকেহে। কেন্দ্ৰীয় চৰকাৰে লোক সভাত এই তথ্য প্রকাশ কৰে। সাংসদ অনুমুলা আৰ ৰেড্ডীয়ে লোক সভাত সোধা প্ৰশ্নৰ উত্তৰত কৰ্মচাৰী আৰু পেঞ্চন বিভাগৰ মন্ত্ৰী জিতেন্দ্র সিঙে এই তথ্য প্ৰকাশ কৰে।মন্ত্ৰীজনে প্ৰকাশ কৰা তথ্য অনুসৰি সৰ্বাধিক নিয়োগ হৈছিল ২০১৯-২০ বৰ্ষত। লোক সভাৰ নিৰ্বাচন হোৱা বৰ্ষটোত মুঠ ১.৪৭ লাখ লোকক নিযুক্তি দিয়া হৈছিল। সেই বছৰ মুঠ ১.৭৮ কোটি লাখ লোকে চাকৰিৰ বাবে আৱেদন জনাইছিল। আনহাতে ২০১৪-১৫ বৰ্ষত ১.৩০ লাখ লোকে চৰকাৰী নিযুক্তি লাভ কৰিছিল। তাৰ পাছত ক্রমান্বয়ে নিযুক্তি হ্ৰাস পাবলৈ ধৰে। আনহাতে চৰকাৰী চাকৰিৰ বাবে সৰ্বাধিক ৫.০৯ কোটি লোকে আৱেদন জনাইছিল ২০১৮-১৯ বৰ্ষত।তেওঁ লগতে প্ৰকাশ কৰে যে কেন্দ্ৰীয় চৰকাৰে চাকৰি সৃষ্টিত অগ্ৰাধিকাৰ দি আহিছে। তেওঁ চাকৰি সৃষ্টিৰ বাবে চৰকাৰে হাতত লোৱা আঁচনিসমূহৰ বিষয়েও উল্লেখ কৰে। তেওঁ প্ৰকাশ কৰা অনুসৰি ২০২১-২২ বৰ্ষৰ বাজেটত প্রডাকশ্যন লিংকড ইনচেণ্টিভ আঁচনি আৰম্ভ কৰা হৈছে।এই আঁচনিত ১.৯৭ লাখ কোটি টকা ব্যয় কৰা হ’ব আৰু ইয়াৰ জৰিয়তে ৬০ লাখ নতুন চাকৰি সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰি প্ৰধানমন্ত্রী মুদ্ৰা আঁচনিৰ জৰিয়তে স্ব-নিযুক্তি বৃদ্ধি পাব বুলি তেওঁ কয়।এই আঁচনিৰ অধীনত দহ লাখ টকালৈকে কোনো সামগ্ৰী বন্ধকত নৰখাকৈ ১০ লাখ টকালৈকে ঋণ দিয়া হয়। আনহাতে ২০২০ বৰ্ষত আৰম্ভ কৰা আত্মনিৰ্ভৰ ভাৰত আঁচনিৰ অধীনত চলিত বছৰৰ ২২ মাৰ্চলৈকে ৫৯.৫৪ লাখ লোক উপকৃত হৈছে।