আমিনগাঁও, ৩০জুলাই ২০২২ঃ ড্ৰাগছ মুক্ত অসমৰ লক্ষ্যৰে উপ আৰক্ষী পৰিদৰ্শক, মধ্য পশ্চিম সংমণ্ডল অসমৰ উদ্যোগত কামৰূপ আৰক্ষীৰ সহযোগত জব্দকৃত নিচাযুক্ত দ্ৰব্যৰ দাহন অভিযান এই অভিযানত জুইত দাহন কৰা হয় কামৰূপ, নলবাৰী, দৰং আৰু মৰিগাঁও আৰক্ষীয়ে জব্দ কৰা প্ৰায় ৩০ কৌটি টকা মূল্যৰ ড্ৰাগছ।DIG ব্ৰজেনজিৎ সিনহাৰ উপস্থিতিত কামৰূপ জিলা আৰক্ষী অধীক্ষক হীতেশ চন্দ্ৰ ৰয়ৰ নেতৃত্বত দাহন কৰা হয় বৃহৎ পৰিমানৰ ড্ৰাগছ খিনি ।অনুষ্ঠানত উপস্থিত থাকে কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস, দৰঙৰ আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়, নলবাৰীৰ আৰক্ষী অধীক্ষক পবিন্দ্ৰ কুমাৰ নাথ, মৰিগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুপ্ৰতিম লাল বৰুৱা, কামৰূপ জিলা আবকাৰী অধীক্ষক মানৱী দাস, নিয়ৰ দত্ত বৰুৱাৰ লগতে শীৰ্ষ আৰক্ষী বিষয়া সকল ।আজিৰ এই জীৱন ধংসকাৰী ড্ৰাগছ দাহন কাৰ্যসূচীৰ সময়তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ড্ৰাগছ মুক্ত অসম অভিযান সফল কৰিবলৈ সকলোকে আহ্বান জনায় অসম আৰক্ষীয়ে ।