তিনিচুকীয়া ৩০ জুলাই: ভোটাৰ তালিকাত নৱপ্ৰজন্মৰ ভোটাৰসকলৰ নাম অন্তৰ্ভুক্তিৰ বাবে ভাৰতীয় নিৰ্বাচনী আয়োগে কেতবোৰ বিশেষ পদক্ষেপ হাতত লৈছে। আজি সেই সন্দৰ্ভত বিতংকৈ অৱগত কৰিবৰ বাবে তিনিচুকীয়া জিলাৰ উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া শ্ৰী নৰসিং পৱাৰে উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত এখনি সংবাদমেলৰ আহ্বান কৰে। জিলা উপায়ুক্ত মহোদয়ে নৱপ্ৰজন্মৰ ভোটাৰসকলৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিব বাবে ভাৰতীয় নিৰ্বাচনী আয়োগে লোৱা পদক্ষেপৰ বিষয়ে বিতংকৈ উপস্থাপন কৰে। উল্লেখযোগ্য যে, ১৭ বছৰৰ উৰ্ধৰ যুৱক-যুৱতীসকলে এতিয়া ভোটাৰ তালিকাত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিবৰ বাবে আগতীয়াকৈ আবেদন কৰিব পাৰিব। পূৰ্বৰ নিয়ম অনুসৰি বছৰৰ ১ জানুৱাৰীত ১৮ বছৰ বয়স প্ৰাপ্ত কৰালৈকে অপেক্ষা কৰিব নালাগে।ভাৰতীয় নিৰ্বাচনী আয়োগে নৱপ্ৰজন্মৰ ভোটাৰসকলৰ বাবে বছৰত চাৰিটাকৈ দিন বয়সৰ সীমাৰেখা স্বৰূপে নিৰ্ধাৰণ কৰিছে। সেই অনুসৰি বছৰৰ ১ জানুৱাৰী, ১ এপ্ৰিল, ১ জুলাই অথবা ১ অক্টোবৰত ১৮ বছৰ হবলগীয়া ১৭ বছৰৰ উৰ্ধৰ যুৱক-যুৱতীসকলে এতিয়া ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে আগতীয়াকৈ আবেদন কৰিব পাৰিব। ভোটাৰ পঞ্জীয়নৰ বাবে নতুন ব্যৱহাৰ-অনুকূল প্ৰপত্ৰ অহা ১ আগষ্টৰ,২০২২ তাৰিখৰ পৰা উপলব্ধ হব। ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি তথা বিলোপ কৰিবৰ বাবে প্ৰপত্ৰ নং ৬ আৰু ৭ ব্যৱহাৰ কৰিব লাগিব। যাৱতীয় তথ্যৰ শুধৰনিৰ বাবে প্ৰপত্ৰ নং ৮ ব্যৱহাৰ কৰিব লাগিব। আনহাতে ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰৰ লগত আধাৰ সংযুক্ত কৰিবৰ বাবে প্ৰপত্ৰ নং ৬খ নতুনকৈ প্ৰৱৰ্তন কৰা হৈছে বুলি জিলা উপায়ুক্তই আজিৰ সংবাদমেলত উল্লেখ কৰে। অৱশ্যে ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰৰ সৈতে আধাৰ সংযোগ কৰাটো সম্পূৰ্ণ স্বেচ্ছামূলক বুলিও উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে।বৰ্তমান ভোটাৰ তালিকাত নাম সন্নিবিষ্ট হৈ থকা ভোটাৰসকলৰ আধাৰ নম্বৰ সংগ্ৰহৰ বাবে ১ আগষ্ট ২০২২ তাৰিখৰ পৰা এক অভিযান আৰম্ভ কৰা হব। এই কাৰ্যসূচীৰ মূল উদ্দেশ্য হৈছে ভোটাৰসকলৰ পৰিচয় সঠিকভাবে প্ৰতিষ্ঠা কৰা আৰু ভোটাৰ তালিকাত অন্তৰ্ভুক্তিৰ বাবে কৰা আবেদনসমূহৰ সত্যতা নিৰূপণ। ভোটাৰসকলে ৩১ মাৰ্চ, ২০২৩ৰ ভিতৰত ভোটাৰ হেল্পলাইন এপ আৰু এন,ভি,এছ,পি(NVSP) পৰ্টেলৰ জৰিয়তে অথবা বিএলঅ’ৰ জৰিয়তে নিজেই নিজৰ ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰ আধাৰৰ সৈতে সংযোগ কৰিব পাৰিব বুলি জিলা উপায়ুক্ত শ্ৰী পৱাৰে অৱগত কৰে। উল্লেখযোগ্য যে, ৯ নৱেম্বৰ ২০২২ তাৰিখে সংহত খচৰা ভোটাৰ তালিকা প্ৰকাশ পাব। ৯ নৱেম্বৰ ২০২২ ৰ পৰা ৮ ডিচেম্বৰ ২০২২ লৈকে ওজৰ আপত্তি দাখিল কৰিব পাৰিব। ওজৰ আপত্তি দাখিলৰ নিৰ্ধাৰিত সময়ছোৱাৰ ভিতৰতে ভোটাৰ তালিকা সন্দৰ্ভত বিশেষ অভিযান চলোৱা হব। ২৬ ডিচেম্বৰ ২০২২ ৰ ভিতৰত সকলো ওজৰ আপত্তি নিষ্পত্তি কৰা হব আৰু ৫ জানুৱাৰী ২০২৩ তাৰিখে চুড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব।