লখিমপুৰ, ৩০ জুলাই ঃ কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি ‘ঘৰ ঘৰ নল’ৰ জৰিয়তে সমগ্ৰ দেশতে জল জীৱন মিছন আঁচনিৰ অধীনত ঘৰে ঘৰে খোৱা পানী যোগানৰ পদক্ষেপ গ্ৰহণ কৰিছে যদিও লখিমপুৰত এনে আঁচনি ৰূপায়ণত একাংশ পুঁজিপতি ঠিকাদাৰে চূড়ান্ত হেমাহি প্ৰদৰ্শন কৰি আহিছে। যাৰ বাবে শেহতীয়াকৈ লখিমপুৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী বিষয়াই বিভাগটোৰ সাতজনকৈ পঞ্জীয়নভূক্ত ঠিকাদাৰক ‘ব্লেক লিষ্টেড’ কৰিবলৈ বাধ্য হৈছে। সময়মতে এই কোটি কোটি টকীয়া আঁচনি ৰূপায়ণ কৰাত গাফিলতি আৰু জালিয়াতি কৰাৰ অভিযোগত তেওঁলোকক এনেদৰে বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সুত্ৰত প্ৰকাশ। আমাৰ হাতত পৰা তথ্য অনুসৰি লখিমপুৰ জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলত ইতিমধ্যে জে জে এমৰ কামৰ নিবিদা লাভ কৰা ঠিকাদাৰ মতিবুৰ ৰহমান, ৰঞ্জন দলে, দিপাঙ্কৰ নাথ, আফাজ উদ্দিন, আসাম এন্টারপ্রাইজ, চফিউদ্দিন আহমেদ, মামুন হুছেইন চৌধুৰী আদি কেবাজনো ঠিকাদাৰক ব্লেক লিষ্টেড কৰিছে। ইয়াৰে দুই এজনে কামৰ নিৰ্দেশ লাভ কৰিও দীৰ্ঘদিন ধৰি আঁচনি ৰূপায়ণত হেমাহি প্ৰদৰ্শন কৰাৰ লগতে দুজনমানে জালিয়াতিৰ আশ্ৰয় লোৱাৰ বাবেই তেওঁলোকক বিভাগীয় ভাৱে ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁলোকক বিভাগটোত ১৮ মাহৰ বাবে কামৰ বাবে অযোগ্য বুলি ঘোষণা কৰিছে। ইফালে লখিমপুৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে নিৰ্দ্ধাৰিত সময়ত জল জীৱন মিছনৰ কাম সম্পন্ন কৰাৰ বাবে একাংশ পুঁজিপতি ঠিকাদাৰক যধে মধে কামৰ আৱন্টন দিয়াৰ ফলত ইয়াৰে একাংশ ঠিকাদাৰে আঁচনি ৰূপায়নৰ কাম সামান্যতমো আগনবঢ়াই পেলাই ৰাখিছে। এইক্ষেত্ৰত উত্থাপিত অভিযোগ মতে পুঁজিপতি ঠিকাদাৰসকলৰ কিছু সংখ্যকে কেবাখনোকৈ আঁচনিৰ কাম লৈ তেনে আঁচনি ৰূপায়ন সম্পূৰ্ণ কৰাত বিফলতা প্ৰদৰ্শন কৰি আহিছে। অৱশ্যে একাংশ ঠিকাদাৰে সঠিক ভাৱে জে জে এমৰ আঁচনি ৰূপায়ণ কৰাৰ পিছত জিলা উপায়ুক্তৰ পৰ্যবেক্ষণত বিভাগীয় ভাৱে আবণ্টিত ধনো লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰে ব্লেক লিষ্টেড ঠিকাদাৰ মামুন হুছেইন চৌধুৰীয়ে আকৌ কাষৰীয়া ধেমাজি জিলাত দত্ত উপাধিৰ এজন বিষয়াৰ ছত্ৰচায়াত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ধেমাজি সংমণ্ডলত কৌশলেৰে কামৰ আৱন্টন লোৱাৰ তথ্য পোহৰলৈ আহিছে