অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী তথা ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী ৰণজিত কুমাৰ দাসে আজি ধুবুৰী জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয চৌহদত স্থাপন কৰা পেঞ্চন সেৱা কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে৷ কৰ্মচাৰীসকলে অৱসৰৰ পূৰ্বেই কৃতজ্ঞতা প’ৰ্টেলৰ জৰিয়তে পেঞ্চনৰ বাবে আবেদন কৰি অৱসৰৰ দিনাই পেঞ্চন লাভত সহায়ৰ বাবে এই ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে৷ এই উপলক্ষে আয়োজিত সভাত আদৰণি ভাষণ প্ৰদান কৰি ধুবুৰী জিলা উপায়ুক্ত অন্বামুথন এম পিয়ে কয় যে অনলাইন কৃতজ্ঞতা প’ৰ্টেলৰ জৰিয়তে পেঞ্চন সম্পৰ্কীয় বিষয় সন্নিৱিষ্ট আবেদন দাখিল কৰাৰ লগতে ছাৰ্ভিচ বুক স্কেন, আপলোড কৰাৰ সুবিধাৰ বাবে আন জিলাবোৰৰ দৰে ধুবুৰীত এই পেঞ্চন সেৱা কেন্দ্ৰটো স্থাপন কৰা হৈছে৷ পেঞ্চনাৰসকলে এই সেৱা কেন্দ্ৰৰ জৰিয়তে বিভিন্ন সুবিধা লাভ কৰিব পাৰিব আৰু এই সেৱাৰ দ্বাৰা পেঞ্চন লাভৰ প্ৰক্ৰিয়া এতিয়াৰে পৰা অধিক সৰলীকৃত হ’ব৷ সভাত উদ্বোধনী ভাষণ প্ৰদান কৰি মন্ত্ৰী ৰণজিত কুমাৰ দাসে কয় যে গুৱাহাটীলৈ নোযোৱাকৈ, কাৰ্যালয়ে কাৰ্যালয়ে তাঁতবাতি নকঢ়াকৈ যাতে ৰাইজে চৰকাৰী সুবিধাসমূহ লাভ কৰে তাৰ বাবে বৰ্তমানৰ চৰকাৰখনে প্ৰথমৰে পৰা চেষ্টা কৰি আছে৷ মিছন বসুন্ধৰা, মিছন ভূমিপুত্ৰ, মিছন সদ্ভাৱনা আদি চৰকাৰৰ এনে কিছুমান পদক্ষেপ৷ এতিয়া মিছন কৃতজ্ঞতাৰ জৰিয়তে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পেঞ্চনৰ সমস্যা সমাধানৰ বাবে পদক্ষেপ লোৱা হৈছে আৰু এইক্ষেত্ৰত সহায়ৰ বাবে পেঞ্চন সেৱা কেন্দ্ৰ মুকলি কৰা হৈছে৷ প্ৰাৰম্ভিকভাৱে শিক্ষা বিভাগৰ কৰ্মচাৰীৰ বাবে এই সেৱা উপলব্ধ হ’ব আৰু পৰৱৰ্তী সময়ত আন বিভাগৰ কৰ্মচাৰীকো ইয়াত সমাৰি লোৱা হ’ব বুলি কৈ মন্ত্ৰীগৰাকীয়ে কয়, ‘শিক্ষা বিভাগত কৰ্মচাৰীৰ সংখ্যা সৰহ হোৱা বাবে আৰু এই বিভাগত পেঞ্চন আদায়ৰ সময়ত দুৰ্নীতি বেছি হোৱাৰ অভিযোগ থকা বাবে আমি প্ৰথমে এই বিভাগটোক বাছি লৈছো৷’ তেওঁ কয় যে আগতে পেঞ্চন আদায় প্ৰক্ৰিয়াটোত বহু সময় লৈছিল আৰু প্ৰক্ৰিয়াটো নিকা নাছিল৷ মন্ত্ৰীগৰাকীয়ে বিদ্যালয়সমূহৰ পৰিদৰ্শক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰীক সকিয়াই দি কয়, ‘এতিয়া চৰকাৰে পেঞ্চনৰ বাবে প’ৰ্টেল আনিছে, গতিকে কোনেও অনিয়ম নকৰিব৷’ অৱসৰগ্ৰহণ কৰিবলগীয়া কৰ্মচাৰীকো কোনো কাৰণতে কাকো উপঢৌকন নিদিবলৈ আহ্বান জনাই মন্ত্ৰী দাসে কয়,’দিয়া আৰু লোৱা দুয়োটা বন্ধ হ’ব লাগিব৷ তেতিয়াহে এই প্ৰচেষ্টা সফল হ’ব৷’ সভাত অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস, ধুবুৰী পৌৰসভাৰ সভাপতি ডাঃ দেৱময় সন্যাল, প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় সৰকাৰ, সমাজকৰ্মী প্ৰসেনজিৎ দেৱ, অৱসৰপ্ৰাপ্ত শিক্ষক- কৰ্মচাৰী ক্ৰমে আব্দুল ৰছিদ, লুটফুৰ ৰহমান, আব্দুৰ ৰহমান প্ৰমুখ্য কেবাজনো বিষয়া আৰু শিক্ষা বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে৷