তিনিচুকীয়া, ৩o জুলাই: যোৱা কেইবাবছৰো ধৰি তিনিচুকীয়া-দুলিয়াজান মূল সংযোগী পথটো জৰাজীৰ্ণ অৱস্থাত আছে । তাক লৈ বিভিন্ন সময়ত স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰিছিল আৰু অইল ইণ্ডিয়া লিমিটেডক অসম চৰকাৰক মেৰামতি কৰিবলৈ বাৰম্বাৰ স্মাৰক পত্ৰৰ যোগে আবেদন নিবেদন কৰিছিল কিন্তু আজিলৈকে চৰকাৰ আৰু অইল ইণ্ডিয়া লিমিটেডে কথাষাৰ কোনো গুৰুত্ব আৰোপ নকৰিলে । যাৰ বাবে বিভিন্ন সময়ত পথটোত দূৰ্ঘটনা সংঘটিত হৈ আহিছে । হঠাৎ তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্চয় কিষাণৰ নিৰ্দেশত নিশা অসম চৰকাৰৰ গড়কাপ্তানি বিভাগৰ কৰ্মচাৰীসকল আহি পথটি মেৰামতি কৰিবলৈ উপস্থিত হয় লগতে কিছু সময়ৰ পাছত উক্ত স্থানত উপস্থিত হয় মন্ত্ৰী সঞ্চয় কিষাণ । গড়কাপ্তানি বিভাগৰ কৰ্মচাৰীয়ে পথটি নিম্নমানৰ সামগ্ৰীয়ে মেৰামতি কৰাক লৈ বিধায়কৰ আগত অসন্তুষ্টি প্ৰকাশ কৰি ক্ষোভ উজাৰে স্থানীয় ৰাইজৰ লগতে দল সংগঠনে । এতিয়া প্ৰশ্ন হল গড়কাপ্তানি বিভাগে উচ্চ মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰি পথটি মেৰামতি কৰিব নে ? নে বৰ্তমান মেৰামতি কৰি থকা সামগ্ৰীৰে জোৰা-টাপলি মাৰি পথটিৰ মেৰামতিৰ কাম সামৰিব সেয়া পৰবৰ্তী সময়তহে লক্ষণীয় হব।

Home অসম আৰু উত্তৰপূব পথ মেৰামতিৰ পৰ্যবেক্ষণ কৰিবলৈ গৈ মুখ থেকেচা খালে তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্চয়...