নিউজ ডেক্সঃ শিলচৰৰ এখন বিদ্যালয়ত এগৰাকী ৪৮ বছৰীয়া শিক্ষকে যৌন নিৰ্যাতন চলালে এগৰাকী ৬ বছৰীয়া ছাত্ৰীক । এনে এক অভিযোগ উত্থাপন হৈছে। অভিযুক্তজনৰ নাম কমলা কান্ত সিং। জানিব পৰা মতে,মাকে যেতিয়া ছাত্ৰীগৰাকীক স্কুললৈ যাবলৈ জোৰ কৰিছিল, তেতিয়া তেওঁ স্কুললৈ নাযাও বুলি মাকক কোৱাত, পিছত যেতিয়া মাকে স্কুললৈ যাবলৈ বাধ্য কৰাইছিল, তেতিয়া তাই ভয়তে কান্দিবলৈ ধৰাত মাকে তাইক স্কুললৈ যাবলৈ ভয় কৰাৰ কাৰণ সোধাত মাকক সকলো কথা কয়। ছাত্ৰীগৰাকীৰ অভিভাৱকে কথা বিষম দেখি শিক্ষকজনৰ বিৰুদ্ধে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে । আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰিছে।
